নেশ্যনেল ডেস্ক, 4 মে' : বাণিজ্য মন্ত্ৰণালয়ৰ সমূহীয়া ক্ৰয়ৰ পৰ্টেল GeM য়ে সোমবাৰে কয় যে, Saras Collection for rural self-help groups (SHGs) য়ে চৰকাৰী ক্ৰেতাক তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰিবৰ বাব এক পদক্ষেপ গ্ৰহণ কৰিছে ৷
এই পদক্ষেপৰ অধীনত SHGs য়ে Government e-Marketplace (GeM) ত পাঁচটা ভাগত সামগ্ৰীসমূহ তালিকাভূক্ত কৰিব ৷ সেই পাঁচটা ভাগ হৈছে - হস্ততাঁত আৰু বস্ত্ৰ, কাৰ্যালয়ৰ সামগ্ৰী, কিৰানা সামগ্ৰী, ব্যক্তিগত সেৱা সামগ্ৰী আৰু স্বচ্ছতা ৷
প্ৰথম পৰ্যায়ত 11 ৰাজ্যৰ 913 SHGs ক বিক্ৰেতা হিচাপে আৰু 403 সামগ্ৰী অন্তৰ্ভূক্ত কৰা হৈছে ৷ এই পৰ্যায়ত বিহাৰ, চত্তিশগড়, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, উড়িশা, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগক এই তালিকাভূক্ত কৰা হৈছে ৷