ETV Bharat / bharat

চীনা সামগ্ৰী বৰ্জন অভিযান আৰম্ভ কৰিব স্বদেশী জাগৰণ মঞ্চই - কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বৰ চীনক দোষাৰোপ

ভাৰতীয় উদ্যোগৰ বিকাশৰ বাবে ব্যৱস্থা ল'বলৈ আহ্বান স্বদেশী জাগৰণ মঞ্চৰ । ভাৰতত উৎপাদিত সামগ্ৰী ক্ৰয় কৰি সৰু বৰ সকলো চীনা সামগ্ৰী বৰ্জনৰ বাবে চেষ্টা চলাব এই সংস্থাই । 25 এপ্ৰিলত এই সংগঠনৰ সদস্য সকলে নিজ গৃহত চাকি জ্বলাই ল'ব চীনা সামগ্ৰী বৰ্জন অভিযানৰ পণ ।

চীনা সামগ্ৰী বৰ্জন অভিযান আৰম্ভ কৰিব স্বদেশী জাগৰণ মঞ্চই

author img

By

Published : Apr 25, 2020, 5:58 PM IST

নিউজ ডেস্ক, 25 এপ্ৰিলঃ দেওবাৰৰ পৰা স্বদেশী জাগৰণ মঞ্চই চীনা সামগ্ৰী বৰ্জনৰ অভিযান আৰম্ভ কৰিব । ভাৰতত চীনা সামগ্ৰী বৰ্জন সংগঠনটোৰ দীৰ্ঘদিনীয়া উদ্দেশ্য আছিল। বিশ্বব্যাপী সংকটৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বই চীনক দোষাৰোপ কৰাৰ পাচতো চীনে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰি কেৱল টেষ্টিং কীটৰ যোগান ধৰিছে ।

সংস্থাটোৰ সদস্য আৰু কৰ্মীসকলৰ দ্বাৰা 25 এপ্ৰিলত স্বদেশী সংকল্প দিৱস পালন কৰিছে । সেইদিনা সন্ধিয়া তেওঁলোকে নিজৰ ঘৰত 6.30ৰ পৰা 6.40ৰ ভিতৰত চাকি জ্বলাব আৰু ভাৰতীয়ৰ দ্বাৰা চীনা সামগ্ৰী বৰ্জন কৰোৱাৰ বাবে সম্ভাৱ্য পন্থা লোৱাৰ বাবে সংকল্প ল'ব । দলটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক অশ্চিনী মহাজনে এই বিষয়ে জানিবলৈ দিয়ে ।

তেওঁ লগতে কৰ'ণা ভাইৰাছক "ছাইনিজ ভাইৰাছ" আখ্যা দি ইয়াৰ ফলত অৰ্থনৈতিক ক্ষতিৰ লগতে মানুহৰ জীৱন আৰু চাকৰিৰো লোকচান হোৱা বুলি উল্লেখ কৰে ।

লক ডাউনৰ সময়চোৱাত তেওঁলোকৰ সংগঠনে যিমান খিনি পাৰে সিমান সজাগতা পত্ৰিকা বিতৰণ কৰিছে বুলি জানিবলৈ দিয়ে। ভাৰতীয় উদ্যোগ সমূহক অধিক কাৰ্যক্ষম কৰি ডাঙৰ চীনা সমগ্ৰীৰ পৰা সৰু চীনা সমগ্ৰীলৈকে ক্ৰয় বন্ধ কৰি ভাৰতীয় সামগ্ৰী ব্যৱহাৰৰ বাবে আহ্বান জনায় । লগতে তেওঁ কয় যে,চীনা সামগ্ৰীয়ে ভাৰতীয় বহু ক্ষুদ্ৰ উদ্যোগক ধ্বংস কৰি আছে ।

লগতে পঢ়কঃ বিশিষ্ট ৰাজনীতিবিদ তথা প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.