ETV Bharat / bharat

ভূমি পূজন উপলক্ষে ৰংগোলীৰে অলংকৃত আৰএছএছৰ মুখ্য কাৰ্যালয়

author img

By

Published : Aug 5, 2020, 1:38 PM IST

ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে ৰংগোলীৰে অলংকৃত মহাৰাষ্ট্ৰৰ নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয় ৷ জয় শ্ৰীৰামৰ শ্ল'গান আৰু ৰাম মন্দিৰৰ আৰ্হিকে ধৰি বিভিন্ন ৰংগোলী অংকন কৰে আৰএছএছৰ মুখ্য কাৰ্যালয়ত ৷

ৰাম মন্দিৰ ভূমি পূজন
ৰাম মন্দিৰ ভূমি পূজন উপলক্ষে ৰংগোলীৰে অলংকৃত আৰএছএছৰ মুখ্য কাৰ্যালয়

নিউজ ডেস্ক, 5 আগষ্টঃ অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে বিশেষ প্ৰস্তুতি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তথা চমুকৈ আৰএছএছৰ মুখ্য কাৰ্যালয়ত ৷ মহাৰাষ্ট্ৰৰ নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ত বুধবাৰে ৰংগোলীৰ সজাই তোলে সমগ্ৰ কাৰ্যালয় চৌহদ ৷ কেইবাগৰাকীও শিল্পীয়ে বুধবাৰে পুৱা ভাগৰ পৰাই বিভিন্ন ৰঙৰ সমাহাৰৰে কাৰ্যালয় চৌহদত অংকণ কৰে কেইবাটাও ৰংগোলী ৷ জয় শ্ৰীৰাম শ্ল'গান খোদিত ৰংগোলীকে ধৰি ৰাম মন্দিৰৰ আৰ্হিত অংকণ কৰে কেইবটাও বৃহৎ ৰংগোলী ৷ ৰাম মন্দিৰ ভূমি পূজনৰ লগত সংগতি ৰাখিয়ে এই ৰংগোলী অংকণ কৰে আৰএছএছৰ চৌহদত ৷ লগতে গুজৰাটৰ গান্ধীনগৰস্থিত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়টো ৰংগোলী অংকণ কৰে বিজেপিৰ সদস্যসকলে ৷

উল্লেখ্য যে, 5 আগষ্ট তথা বুধবাৰে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনত উপস্থিত থাকে দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ৰাজ্যপাল আনন্দিবেন পেটেল, আৰএছএছৰ প্ৰধান মোহন ভাগৱতকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়কঃ ভূমি পূজনৰ বাবে অযোধ্যালৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.