নিউজ ডেস্ক, 26 ডিচেম্বৰ: জনসাধাৰণৰ মনত ভয় জন্মোৱা লোকসকল দেশৰ বাবে হানিকাৰক ৷ বুধবাৰে তেলেংগানাৰ সৰুৰনগৰ ষ্টেডিয়ামত এখন জনসভাত এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰমুখ মোহন ভাগৱতৰ ৷ দেশৰ জনসাধাৰণৰ উন্নয়নৰ হকে আৰ এছ এছ এ সদায় কাম কৰি আহিছে বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ৷ আৰ এছ এছ এ ব্যক্তিগত লাভৰ বাবে নহয় সমগ্ৰ ৰাষ্ট্ৰৰ উন্নয়নৰ হকে কাম কৰে ৷ লগতে ধৰ্মৰ জয়ে সমগ্ৰ ৰাষ্ট্ৰৰ জয় সুনিশ্চিত কৰে বুলিও সভাত প্ৰকাশ কৰে আৰএছএছ প্ৰমুখগৰাকীয়ে ৷ দেশৰ প্ৰত্যকগৰাকী নাগৰিকৰ ভাল কামনা কৰাটোহে প্ৰকৃত ধৰ্ম বুলিও কয় নেতাগৰাকীয়ে ৷
কেৱল সমাজৰ উন্নয়নে সমগ্ৰ ৰাষ্ট্ৰৰ উন্নয়ন সুনিশ্চিত নকৰে ৷ গতিকে ব্যক্তিগত উন্নয়নৰ কথা নাভাবি ৰাষ্ট্ৰৰ উন্নয়নৰ হকে কাম কৰা উচিত বুলিও প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷ সেয়েহে দেশৰ উন্নয়নৰ বাবে সকলোৱে মিলি চেষ্টা কৰাটো নিতান্ত্যই আৱশ্যক বুলিও কয় মোহন ভাগৱতে ৷
তেলেংগানাৰ গৃহমন্ত্ৰী জি কিষাণ ৰেড্ডী, বিজেপিৰ সভাপতি মুৰলীধৰ ৰাও আৰু তেলেংগানাৰ বিজেপি দলৰ ৰাজ্যিক সভাপতি কে লক্ষ্মণো উপস্থিত থাকে উক্ত জনসভাত ৷
আৰু পঢ়ক: হায়দৰাবাদত আটক আন্তঃৰাজ্যিক চুৰিচক্ৰৰ মুল অভিযুক্ত