ETV Bharat / bharat

বাজেট 2020: প্ৰতিৰক্ষা খণ্ডলৈ 3.37 লাখ কোটি

author img

By

Published : Feb 1, 2020, 6:39 PM IST

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিজৰ কাৰ্যকালৰ দ্বিতীয়খন বাজেট শনিবাৰে উত্থাপন কৰে ৷ বিগত বাজেটৰ তুলনাত চলিত বাজেটত প্ৰতিৰক্ষা খণ্ডলৈ আগবঢ়োৱা হৈছে অধিক পূঁজি ৷

Rs 3.37 lakh crore allocated for defence budget
বাজেট 2020: প্ৰতিৰক্ষা খণ্ডলৈ 3.37 লাখ কোটি

নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰীঃ শনিবাৰে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই সদনত উত্থাপন হয় 2020-21 বিত্তীয় বৰ্ষৰ বাজেট ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিজৰ কাৰ্যকালৰ দ্বিতীয়খন বাজেট উত্থাপন কৰে ৷ চলিত বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা খণ্ডৰ বাবে অধিক ধনৰ আৱন্টন দিয়ে বিত্তমন্ত্ৰীয়ে ৷

কি আছে চলিত বৰ্ষৰ প্ৰতিৰক্ষা বাজেটত--

  • - প্ৰতিৰক্ষা বাজেটত 6 শতাংশ বৃদ্ধিৰে বিগত বাজেটৰ 3.18 লাখ কোটি টকাৰ বিপৰীতে এইবাৰ 3.37 লাখ কোটি টকা আৱন্টন ৷ পেন্সনৰ সৈতে এই পৰিমান হয়গৈ 4.7 লাখ কোটি ৷
  • - সৰ্বমুঠ আৱণ্টনৰ ভিতৰত 1.13 লাখ কোটি টকা নতুন অস্ত্ৰপ্ৰণালী, বিমান, যুদ্ধজাহাজ আৰু আন সামৰিক হাৰ্ডৱেৰ ক্ৰয়ৰ বাবে ৰখা হৈছে ৷
  • - দৰমহা আৰু প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ চোৱাচিতাৰ বাবে ৰাজহ ব্যয়ত 2.09 লাখ কোটি টকা ৷
  • - পেন্সনৰ বাবে ধাৰ্য কৰা 1.33 লাখ কোটি প্ৰতিৰক্ষা বাজেটৰ পৰা একাষৰীয়াকৈ ৰখা হৈছে ৷
  • - বিশেষজ্ঞসকলৰ মতে, প্ৰতিৰক্ষা বাজেটৰ মুঠ পূঁজি জিডিপিৰ 1.5 শতাংশ, যিটো 1962 চনৰ চীন-ভাৰত যুদ্ধৰ সময়ৰ পৰা সৰ্বনিন্ম ৷

2019-20 বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা খণ্ডলৈ আগবঢ়োৱা হৈছিল সৰ্বমুঠ 3.18 লাখ কোটি টকা, যাৰ বিপৰীতে এই পৰিমান 6 শতাংশলৈ বৃদ্ধি কৰি চলিত বিত্তীয় বৰ্ষত আগবঢ়োৱা হয় 3.37 লাখ কোটি টকা ৷ প্ৰতিৰক্ষা পেন্সনৰ সৈতে সৰ্বমুঠ আৱন্টনৰ পৰিমান হয়গৈ 4.7 লাখ কোটি টকা ৷ দেশৰ সামৰিক খণ্ডত ক্ষীপ্ৰ আধুনিকীকৰণ সম্পন্ন কৰি তুলিবলৈ অধিক জোৰ দিয়া হৈছে বাজেটত ৷

Intro:Body:

Blank 1

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.