ETV Bharat / bharat

ৰে'ল আৰক্ষীৰ অভিযানঃ জব্দ 34.5 কেজি গাঞ্জা,উদ্ধাৰ অপহৃত কিশোৰী

author img

By

Published : Oct 23, 2020, 10:52 PM IST

১৪ অক্টোবৰত কৰ্তব্যৰত ৰে'লৱে সুৰক্ষা কৰ্মীয়ে ষ্টেচনৰ ডিজিটেল টিকট সংৰক্ষণ কেন্দ্ৰত আৰ পি এফৰ জোৱানে এগৰাকী নাবালিকাৰ সৈতে তিনিজন লোকক আটক কৰে ৷ সন্দেহবশত আটক কৰি লোক কেইজনক সোধপোছ কৰাতহে পোহৰলৈ আহে লোক কেইজনে কণমানিজনীক অপহৰণ কৰি ৰেলেৰে কেৰেলালৈ পলাই নিয়াৰ পৰিকল্পনা কৰি আছিল ৷

RPF seize 34.5 kg cannabis, rescue minor girl
ৰে'ল আৰক্ষীৰ অভিযানঃ জব্দ 34.5 কেজি গাঞ্জা, উদ্ধাৰ অপহৃত কিশোৰী

গুৱাহাটী, 23 অক্টোবৰ: উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে বিগত চাৰি দিনৰ ভিতৰত অসম আৰু পশ্চিমবংগত ৩৪.৫৫ কেজি গাঞ্জা জব্দ কৰে আৰু এগৰাকী নাবালিকাক উদ্ধাৰ কৰাৰ লগতে দুটাকৈ দালালক আটক কৰিবলৈ সক্ষম হয় ৷

আলিপুৰদুৱাৰ আৰ পি এফৰ এটা দলে ১৯ অক্টোবৰত পশ্চিম বংগৰ নিউ কোচবিহাৰ ৰে'লৱে ষ্টেচনত এক আকস্মিক তালাচী অভিযান চলাই থকাৰ সময়তে এগৰাকী মহিলাক এটা ডাঙৰ বেগৰ সৈতে ০২৩৪৬ গুৱাহাটী-শিয়ালদহ বিশেষ ৰেলত উঠিবলৈ চেষ্টা কৰি থকা দেখিছিল ৷ সন্দেহবশত মহিলাগৰাকীৰ বেগটো পৰীক্ষা কৰাৰ পিছত, 13,460 টকা নগদ ধন আৰু এটা ম'বাইল ফোনৰ সৈতে 14.05 কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে সুৰক্ষা কৰ্মী সকলে ৷ শুকুৰবাৰে এন এফ ৰে'লৱেৰ মুখপাত্ৰ সুভান চন্দই সদৰি কৰে এই কথা ।

২১ অক্টোবৰত অন্য এক ঘটনাত ২৩৪৬ গুৱাহাটী-শিয়ালদহ বিশেষ ৰেলত পশ্চিম বংগৰ নিউ জালপাইগুৰি ৰে'লৱে ষ্টেচনত এটা অনুসন্ধান অভিযান চলোৱা হৈছিল আৰু ২০.৫ কেজি গাঞ্জাভৰ্তি দুটাকৈ গৰাকীবিহীন বেগ উদ্ধাৰ কৰে আৰ পি এফে ৷

অসমৰ আৰ পি এফৰ আন এটা দলে ২১ অক্টোবৰত ডিগবৈ ষ্টেচনৰ সমীপৰ এটা ট্ৰেভেল এজেন্সীৰ পৰা অবৈধভাৱে ৰে'লৱে ই-টিকট ক্ৰয় আৰু বিক্ৰী কৰাৰ অভিযোগত এজন লোকক আটক কৰে আৰু লোকজনৰ পৰা ৪৩,২৩১ টকা মূল্যৰ ১১ টা ৰে'লৱে টিকট, এটা কম্পিউটাৰ ছেট, এটা প্ৰিণ্টাৰ আৰু অনান্য সামগ্ৰী জব্দ কৰে।

22 অক্টোবৰত আন এটা ৰে'লৱে আৰক্ষীৰ দলে গুৱাহাটী ৰে'লৱে ষ্টেচনৰ ডিজিটেল টিকট সংৰক্ষণ কেন্দ্ৰত নিৰীক্ষণ চলায় আৰু ৰে'লৱে টিকট ক্ৰয় আৰু যোগানৰ অবৈধ ব্যৱসায় চলোৱা এজন লোকক আটক কৰে।

ইয়াৰ পূৰ্বে, ১৪ অক্টোবৰত কৰ্তব্যৰত ৰে'লৱে সুৰক্ষা কৰ্মীয়ে ষ্টেচনৰ ডিজিটেল টিকট সংৰক্ষণ কেন্দ্ৰত আৰ পি এফ জোৱানৰ এটা দলে এগৰাকী নাবালিকাৰ সৈতে তিনিজন লোকক আটক কৰে ৷ সন্দেহবশত আটক কৰা লোক কেইজনক সোধপোছ কৰাতহে পোহৰলৈ আহে লোক কেইজনে কণমানিজনীক অপহৰণ কৰি ৰেলেৰে কেৰেলালৈ পলাই নিয়াৰ পৰিকল্পনা কৰি আছিল ৷ উক্ত অপহৰণ কাণ্ড সন্দৰ্ভত কণমানিজনীৰ পিতৃয়ে এজাহাৰো দাখিল কৰিছিল ৷

লগতে পঢ়ক: পঞ্জাৱত গণৰোষত শিশু ধৰ্ষণকাৰী আৰু ককাদেউতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.