নিউজ ডেস্ক, 14 মাৰ্চ: ৰাজস্থানত আজি সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ শনিবাৰে ৰাজস্থানৰ জৌধপুৰ জিলাৰ শেৰগড় অঞ্চলত এখন ট্ৰেলাৰ ট্ৰাক আৰু জিপৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷ য’ত থিতাতে নিহত হয় 11 জনকৈ লোকৰ ৷ আনহাতে গুৰুতৰভাৱে আহত হয় অন্য 3 গৰাকী লোক ৷ ঘটনাস্থলীত বৰ্তমান আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনসমূহ নিজৰ জিম্বাত নিয়ে ৷
আনহাতে মথুৰাতো সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এক যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই যমুনা এক্সপ্ৰেছ ট’ল প্লাজাত দুৰ্ঘটনাতপতিত হয় ৷ দিল্লীৰ পৰা গৌৰখপুৰলৈ গৈ আছিল বাছখন ৷ বাছখনত 40 গৰাকীকৈ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকে এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও তিনিগৰাকী যাত্ৰীৰ অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে ৷ চালকৰ টোপনি ধৰাতে পুৱা 2 বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে 53 এফটি 8423 ৷ সকলো আহত লোকক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷