ETV Bharat / bharat

নগাঁও-কাছাৰ কাগজ কলক লৈ ৰাজ্যসভাত সৰৱ ৰিপুন বৰা

author img

By

Published : Sep 15, 2020, 7:02 PM IST

জাগীৰোড-পঞ্চগ্ৰাম কাগজ কল পুনৰুজ্জীৱিতকৰণৰ প্ৰসংগৰে সৰৱ ৰিপুন বৰা ৷ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰৰ বিৰুদ্ধে অমনোযোগিতাৰ অভিযোগ ৷ সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনত এই অভিযোগ ৰিপুন বৰাৰ ৷

নগাঁও-কাছাৰ কাগজ কলক লৈ সংসদত সৰৱ ৰিপুন বৰা

নিউজ ডেস্ক, 15 চেপ্তেম্বৰ: সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনত নগাঁও-কাছাৰ কাগজ কলৰ প্ৰসংগেৰে সৰৱ হৈ উঠিল ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ অসমৰ কাগজ কল দুটাক পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰক ব্যৱস্থা কৰিবলৈ আহ্বান জনাই সাংসদ গৰাকীয়ে কয়, " অসমত দুটাই লাভজনক ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে ৷ এটা নগাঁৱত আনটো পঞ্চগ্ৰামত ৷ সেয়ে ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে কৰ্মহীন হৈ অসমলৈ উভটি অহা লোকসকলৰ লগতে ৰাজ্যখনৰ অৰ্থ ব্যৱস্থাক পুনৰুদ্ধাৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অতি সোনকালে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহন কৰা উচিত ৷" অধ্যক্ষ গৰাকীক সম্বোধন কৰি বৰাই অভিযোগ কৰে যে কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োখন চৰকাৰেই 2016 চনৰে পৰা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহন কৰিব বুলি নিশ্চিতি প্ৰদান কৰি আহিছে যদিও আজিৰ তাৰিখলৈ কাৰ্যত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

কাগজ কলৰ পুনৰুজ্জীৱিতকৰণৰ প্ৰসংগৰে সৰৱ ৰিপুন বৰা

কাগজ কল দুটাত কৰ্মৰত হৈ থকা কৰ্মচাৰী সকলৰ দুৰৱস্থাৰ বিষয়ে উল্লেখ কৰি বৰাই কয়, " 2014 চনত লোকচানৰ সন্মুখীন হোৱাৰ পাছত, 2016 চনত সম্পূৰ্ণৰূপে কাগজ কল দুটা বন্ধ হৈ যোৱাত কৰ্মচাৰীসকলে কোনোধৰণৰ বেতন লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈ এতিয়ালৈকে 71 জন কৰ্মচাৰীয়ে মৃত্যুক সাবটি লৈছে ৷ 3 জনকৈ কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে পথ বাছি লৈছে ৷ কাগজ কল দুটাৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে জড়িত প্ৰায় দুই লাখ কৰ্মচাৰীয়ে কৰ্ম সংস্থাপন হেৰুৱাইছে ৷ বাঁহ খেতিও সম্পূৰ্ণৰূপে ধ্বংসৰ গৰাহলৈ গতি কৰিছে ৷ সেয়ে চৰকাৰলৈ মোৰ অনুৰোধ ক'ৰণা মহামাৰীয়ে বিধ্বস্ত কৰা অৰ্থ ব্যৱস্থাক পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে সোনকালে কাগজ কল দুটাক পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক ৷

লগতে পঢ়ক: নগাঁৱৰ শৃঙ্গাৰাপট্টিত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.