ETV Bharat / bharat

কণিকা প্ৰদূষকৰ মাত্ৰাধিক্যই ভাৰতক অস্বাস্থ্যকৰ ক্ষেত্ৰলৈ পৰ্যবসিত কৰিছে -সত্যপাল মেনন - প্ৰদূষণ

প্ৰদূষণ ৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে আন এক প্ৰত্যাহ্বান হৈছে নিৰ্দেশ অমান্যকাৰী উদ্যোগ খণ্ড । বহু উদ্যোগ কৰ্তৃপক্ষই প্ৰদূষণ ৰোধৰ নীতি-নিৰ্দেশনাসমূহ ভংগ কৰি আহিছে । প্ৰদূষণ ৰোধকাৰী যন্ত্ৰপাতিসমূহ সংস্থাপনৰ লগতে চলাবলৈ অতিৰিক্ত ধনৰ প্ৰয়োজন হয় বাবে তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগ্ৰহী নহয় ।

RINKU POLLUTION ARTICLE
author img

By

Published : Nov 17, 2019, 10:28 AM IST

ভাৰতবৰ্ষৰ জনসংখ্যাৰ অধিকাংশই বায়ুত থকা কণিকা তত্ব বা বস্তুকণা প্ৰদূষকৰ দ্বাৰা প্ৰভাৱিত হয় । এই প্ৰদূষকৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা নিৰ্ধাৰিত সীমাতকৈ প্ৰায় ছয়-সাত গুণ বেছি । এই প্ৰদূষক দুটা উৎসৰ পৰা নিৰ্গত হয়-ঘৰত ব্যৱহৃত গোটা ইন্ধনৰ ফলত ঘৰুৱা কণিকা প্ৰদূষক আৰু বাহ্যিক কণিকা প্ৰদূষক যি গোটা আৰু জুলীয়া দুয়োবিধ পদাৰ্থৰ দ্বাৰাই মিশ্ৰিত । দ্বিতীয় প্ৰকাৰৰ প্ৰদূষকটো ধূলি-বালি বা উদ্যোগ, নিৰ্মাণস্থলী, যান-বাহন, কয়লাৰ দ্বাৰা পৰিচালিত শক্তি কেন্দ্ৰ, বায়’মাছৰ জ্বলন, কৃষিকাৰ্যৰ আৱৰ্জনা আদিৰ পৰা নিৰ্গত হয় । কণিকা তত্ব বা বস্তুকণাক আকৃতি বা ডায়েমিটাৰ অনুসৰি দুই ভাগত বিভক্ত কৰা হৈছে পি এম ২.৫ আৰু পি এম ১০ । আকাৰ হিচাপত ২.৫ মাইক্ৰ’নৰ তলত আৰু ১০ মাইক্ৰ’নৰ তলত থকা কণিকা পদাৰ্থবোৰকে পি এম ২.৫ আৰু পি এম ১০ নামেৰে ক্ৰমে চিনাক্ত কৰা হৈছে ।

এনেধৰণৰ কণিকা প্ৰদূষকৰ ভাণ্ডাৰ হিচাপে ভাৰতৰ স্থান আগত আছে । সৰ্বাধিক পি এম ২.৫ নিৰ্গতকাৰী হিচাপে ভাৰতৰ স্থান তৃতীয় । ২০১৮ চনত ভাৰতৰ বছৰি গড়ে পি এম ২.৫ৰ নিৰ্গতকৰণৰ হাৰ আছিল প্ৰতি কিউবিক মিটাৰ বায়ুত ৭২.৫ মইক্ৰ’গ্ৰাম বা 72.5 μg/m³ । এই হাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃত স্বাভাৱিক গড় হাৰ তথা প্ৰতি কিউবিক মিটাৰত ১০ মাইক্ৰ’গ্ৰামতকৈ বহুত বেছি । বাংলাদেশে এইক্ষেত্ৰত 97.1μg/m³-ৰে প্ৰথম আৰু পাকিস্তানে 74.3μg/m³-ৰে দ্বিতীয় স্থান দখল কৰিছে ।

বায়ুৰ গুণাগুণৰ সূচকাংক অনুসৰি 55.5-150.4μg/m³ ৰ ভিতৰত পি এম থাকিলে সেয়া অস্বাস্থ্যকৰ হিচাপে ধৰা হয় । কিয়নো এনেধৰণৰ অঞ্চলত বাস কৰা লোকসকল হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ গুৰুতৰ সমস্যাত ভোগাৰ সম্ভাৱনা অধিক । এই সূচকাংকৰ ফালৰ পৰা পি এম ২.৫ ৰ ক্ষেত্ৰত 72μg/m to 135μg/m থকা ভাৰতৰ অধিকাংশ অংশই অস্বাস্থ্যকৰ জ’ন।

প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগসমূহক নিয়্ন্ত্ৰণ কৰিব পৰা কঠোৰ নিয়ম বা পৰ্যবেক্ষণ কৰি থাকিব পৰা ব্যৱস্থাৰ অভাৱ, পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পৰাকৈ সংশ্লিষ্ট কৰ্তৃপক্ষ বা প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ চিন্তা বা কৌশলৰ অভাৱ আদিয়েই হৈছে দেশত বায়ু প্ৰদূষণ বৃদ্ধিৰ মূল কাৰণ । ভাৰতত বিষাক্ত বায়ুত থকা কণিকা প্ৰদূষকে এনে এক ভয়াৱহ পৰ্যায় লাভ কৰিছে য’ৰ পৰা আৰু উভতি অহা সম্ভৱ নহয় ।

এইক্ষেত্ৰত কিছু অপ্ৰিয় সত্য আলোচনা কৰিব লাগিব । ২০১৮ চনত ভাৰতৰ ২৫খন মহানগৰেই পৃথিৱীৰ ৫০খন আটাইতকৈ প্ৰদূষিত চহৰ বা মহানগৰৰ তালিকাত স্থান লাভ কৰিছিল । ইয়াৰে বছৰি গড়ে 135μg/m³ পি এম ২.৫ৰে ( স্বাভাৱিক অৱস্থাকৈ ২০ গুণ বেছি) গুৰুগ্ৰাম আৰু গাজিয়াবাদৰ স্থান আছিল প্ৰথম আৰু দ্বিতীয় । সদায় সংবাদ শিৰোনামাত থকা দিল্লীয়ে বছৰি গড়ে 113.5μg/m³ হাৰত ১১ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হয় । অস্বাস্থ্যকৰ জনত অন্তৰ্ভুক্ত এই আটাইকেইখন চহৰেই আকৌ বছৰটোত অতিকৈ অস্বাস্থ্যকৰ পৰ্যায়তো উপনীত হৈছে । নিশ্চিতভাৱে এনেধৰণৰ বায়ু প্ৰদূষকৰ ভয়াৱহ উপস্থিতিয়ে মানুহৰ স্বাস্থ্যৰ প্ৰতি ভয়ংকৰ বিপদ মাতি আনিব পাৰে ।

ইনষ্টিটিউট ফৰ্ হেলথ্ মেট্ৰিকছ্ এণ্ড ইভেলুৱেশ্বনে হেল্থ এফেক্টছ্ ইনষ্টিটিউটৰ সহযোগত ‘বিশ্বৰ বায়ুৰ অৱস্থা’ নামেৰে প্ৰকাশ কৰা এক বিশেষ প্ৰতিবেদনৰ মতে ২০১৭ চনত বিশ্বজুৰি মৃত্যু আৰু অক্ষমতাৰ প্ৰধান পাঁটটা কাৰণৰ ভিতৰত বায়ু প্ৰদূষণ অন্তৰ্ভুক্ত হৈছে । পুষ্টিহীনতা, মদ্যপান, শাৰীৰিক পৰিশ্ৰমহীনতাৰ দৰে সততে শুনা কাৰণবোৰতকৈ বায়ু প্ৰদূষণৰ ফলত অধিক লোকৰ মৃত্যু ঘটিছে । পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ বা মেলেৰিয়াতকৈ বায়ু প্ৰদূষণজনিত ৰোগত আক্ৰান্ত হৈ প্ৰতি বছৰে বিশ্বত অধিক লোকৰ মৃত্যু হয় । পি এম ২.৫-এ হাওঁফাওঁৰ গভীৰতাত প্ৰৱেশ কৰে, এলভেৱ’লাৰ ৱালৰ ক্ষতি কৰাৰ লগতে পাছলৈ সমগ্ৰ হাওঁফাওঁৰ কাৰ্য প্ৰণালীতে বাধাৰ সৃষ্টি কৰে । আল্ট্ৰা ফাইন পাৰ্টিকলছেও ইয়াৰ আকাৰৰ জৰিয়তে পালমনাৰি এপিথেলমিয়াম আৰু ৰক্তৰ বাধা অতিক্ৰম কৰাত সহায় কৰে । সেয়ে উশাহত পি এম ২.৫ গ্ৰহণ কৰাটো হৃদযন্ত্ৰৰ ৰোগ, শ্বাস-প্ৰশ্বাসজনিত গুৰুতৰ সমস্যা, হাওঁফাওঁৰ সংক্ৰমণ বা কৰ্কটৰ কাৰণ হব পাৰে । প্ৰতিবেদন অনুসৰি ২০১৭ চনত বায়ু প্ৰদূষণে বিশ্বজুৰি মানুহৰ মৃত্যুৰ মূল কাৰণসমূহৰ ভিতৰত পাঁচ নম্বৰ স্থান দখল কৰিছে আৰু ৪.৯ মিলিয়ন লোকৰ মৃত্যু আৰু ১৪৭ লোকৰ সুস্বাস্থ্য হানি হোৱাৰ মুখ্য কাৰণ ।

বিশ্ব স্বাস্থ্য সংস্থাই ঘৰুৱা আৰু পাৰিপাৰ্শ্বিক দুই ধৰণৰেই বায়ু প্ৰদূষণক বহু সংস্পৰ্শহীন ৰোগৰ কাৰক হিচাপে গণ্য কৰিছে । যেনে হৃদৰোগত ২৪ শতাংশ প্ৰাপ্তবয়স্কৰ মৃত্যু, ২৫ শতাংশৰ ষ্ট্ৰোক, ৪৩ শতাংশৰ ক্ৰনিক অৱষ্ট্ৰাকটিভ পুলমনাৰী ৰোগ আৰু ২৯ শতাংশ হাওঁফাওঁৰ ৰোগৰ ক্ষেত্ৰত স্বাস্থ্য সংস্থাই বায়ু পু্ৰদূষণকে চিনাক্ত কৰিছে ।

পুষ্টিহীনতাৰ পাছত বায়ু প্ৰদূষণেই হৈছে ভাৰতত বেমাৰৰ বোজা বৃদ্ধি কৰাৰ দ্বিতীয়টো কাৰক । বিশেষকৈ পাৰিপাৰ্শ্বিক প্ৰদূষকৰ মাত্ৰা দিনে দিনে বৃদ্ধি পাইছে ।২০১৭ চনত ঘৰুৱা আৰু পাৰিপাৰ্শ্বিক বায়ু প্ৰদূষকে প্ৰায় এক মিলিয়নতকৈ অধিক লোকৰ প্ৰাণ কাঢ়িছে । বায়ু প্ৰদূষকৰ অধিক উপস্থিতি আৰু ভাৰতীয় লোকসকলৰ হৃদযন্ত্ৰ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ ভয়াৱহতা আই এইচ এম ইৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ।

এই সম্পৰ্কে কৰা বিশ্লেষণে এটা কথা স্পষ্চ কৰে যে এনেধৰণৰ বেমাৰৰ আঁৰতেই হৈছে ঘৰুৱা আৰু পাৰিপ্ৰাশ্বিক প্ৰদূষক । ১২ শতাংশ মৃত্যুৰ কাৰক হিচাপে কণিকা্ তত্ব প্ৰদূষক আৰু ক্ৰমে ৭ আৰু ৫ শতাংশ মৃত্যুৰ কাৰক হিচাপে গোটা ইন্ধনৰ পৰা নিৰ্গত পাৰিপাৰ্শ্বিক আৰু ঘৰুৱা প্ৰদূষক হিচাপে চিনাক্ত কৰা হৈছে । বিগত দুই দশক ধৰি এই হাৰ একে আছে যিয়ে পৰিস্থিতিৰ ভয়াৱহতাকে প্ৰকট কৰে । ৪৭ শতাংশ স্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ কাৰক হিচাপে পি এম ২.৫ ক গণ্য কৰি অহা হয় । ইয়াৰে ২৬ শতাংশ পাৰিপাৰ্শ্বিক প্ৰদূষক আৰু ২১ শতাংশ গোটা ইন্ধন নিৰ্গত ঘৰুৱা প্ৰদূষকৰ দ্বাৰা সৃষ্ট ।

আনহাতে, কাৰ্ডিঅ’ভেছকুলাৰৰ সমস্যাৰ ফালৰ পৰা চাবলৈ গ’লে ভাৰতৰ ২২.১৭ শতাংশ মুঠ ইছেমিক হৃদৰোগৰ ঘটনাৰ আঁৰত আছে কণিকা তত্ব প্ৰদূষক । ইয়াৰে আকৌ গোটা ইন্ধনৰ পৰা নিৰ্গত পাৰিপাৰ্শ্বিক আৰু ঘৰুৱা প্ৰদূষকৰ হাৰ ক্ৰমে ১৩.৮৮ শতাংশ আৰু ৮.২৯ শতাংশ । চি অ’পিডি সমস্যাৰ ২২.৪৮ শতাংশই হৈছে পাৰিপাৰ্শ্বিক কণিকা প্ৰদূষক আৰু ১৭.৬২ গোটা ইন্ধনৰ লগত জড়িত ঘৰুৱা প্ৰদূষক ।

এক অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি প্ৰদূষণ নিয়ন্ত্ৰণ বা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা কাৰ্যাৱলীয়ে প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাত তেনেই সামান্য অৱদানহে আগবঢ়াবলৈ সক্ষম হৈছে ।আনকি বহু ক্ষেত্ৰত প্ৰদূষণৰ মাত্ৰা বৃদ্ধিহে পাইছে । ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে দিল্লী য'ত প্ৰদূষণ ৰোধকাৰী ব্যৱস্থা যেনে সকলো যান-বাহনতে কেটেলিটেক কনভাৰ্টৰ সংস্থাপন বা চি এন জিৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে । কিন্তু তথাপিও দিল্লীৰ প্ৰদূষণে মাত্ৰা অস্বাস্থ্যকৰ বা অতি অস্বাস্থ্যকৰ মাত্ৰা স্পৰ্শ কৰি আহিছে । কেৱল দিল্লীতে নহয়, সমগ্ৰ দেশতে প্ৰৱৰ্তন কৰা প্ৰদূষণমুক্ত বি এছ আই ভি অভিযোগ সংগ্ৰহকাৰী যান-বাহনৰ ব্যৱস্থাইও প্ৰদূষণৰ হাৰ কিছু হ্ৰাস কৰাত সফল হ’ব পৰা নাই । পুৰণি প্ৰদূষণ সৃষ্টিকাৰী বাহনৰ সংখ্যা বি এছ আই ভিতকৈ বেছি হোৱাটো ইয়াৰ মূল কাৰণ ।

প্ৰদূষণ ৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে আন এক প্ৰত্যাহ্বান হৈছে নিৰ্দেশ অমান্যকাৰী উদ্যোগ খণ্ড । বহু উদ্যোগ কৰ্তৃপক্ষই প্ৰদূষণ ৰোধৰ নীতি-নিৰ্দেশনাসমূহ ভংগ কৰি আহিছে । প্ৰদূষণ ৰোধকাৰী যন্ত্ৰপাতিসমূহ সংস্থাপনৰ লগতে চলাবলৈ অতিৰিক্ত ধনৰ প্ৰয়োজন হয় বাবে তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগ্ৰহী নহয় ।

এই সকলোবোৰৰ পৰা মনত উদয় হোৱা প্ৰশ্নটো হ’ল-আমি কি এনেদৰেই প্ৰদূষকৰ ভয়াৱহতাৰ মাজত জীয়াই থাকিব লাগিব? অথবা প্ৰদূষণৰ মাত্ৰা ওপৰৰ পৰা তললৈ নমোৱাৰ আন কিবা উপায় আছে?

প্ৰদূষণৰ মাত্ৰা নিয়মিতভাৱে নিৰীক্ষণ কৰি থকাটো ইয়াৰে এটা উপায় । আইন অমান্যকাৰী উদ্যোগৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ, কয়লা শক্তি প্ৰকল্পত নতুন ফ্লু গেছ ট্ৰিটমেণ্ট প্ৰযুক্তি স্থাপন, পুৰণি যান-বাহনৰ চলাচল বন্ধ কৰা আদি ব্যৱস্থাই কণিকা তত্ব বা বস্তুকণা প্ৰদূষকৰ হাৰ কিছু পৰিমাণে কমাব পাৰিব । সংশ্লিষ্ট পক্ষ কেৱল প্ৰযুক্তিৰে সাজু হ’লেই নহ’ব, বৰঞ্চ উদ্দেশ্যত উপনীত হ’ব পৰাকৈ জ্ঞানো থাকিব লাগিব । আন দেশসমূহে তেওঁলোকৰ বায়ুক উশাহ ল’ব পৰা অৱস্থাত উপনীত কৰোৱাৰ বাবে গ্ৰহণ কৰা পদ্ধতিসমূহো আমাৰ সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰয়োগ কৰিব পাৰে ।

Intro:Body:

কণিকা প্ৰদূষকৰ মাত্ৰাধিক্যই ভাৰতক অস্বাস্থ্যকৰ ক্ষেত্ৰলৈ পৰ্যবসিত কৰিছে

-সত্যপাল মেনন  

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.