ETV Bharat / bharat

এলাহাবাদ উচ্চ ন্য়ায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান - দম্পত্তিৰ

ভিন্ন সম্প্ৰদায়ৰ দম্পত্তিৰ পক্ষত থাকি এলাহাবাদ উচ্চ ন্য়ায়ালয়ৰ ৰায়দান হৈছে, এগৰাকী মহিলাই স্বামীৰ সৈতে নিজৰ স্বৰ্তমতে জীয়াই থকাৰ অধিকাৰ আছে । পিতৃয়ে মহিলা গৰাকীৰ স্বামীৰ বিৰুদ্ধে অপহৰণ আৰু জোৰ কৰি বিয়া পতাৰ অভিযোগ আনিছিল ।

এলাহাবাদ উচ্চ ন্য়ায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

author img

By

Published : Dec 29, 2020, 8:49 PM IST

নেশ্য়নেল ডেস্ক , ২৯ ডিচেম্বৰ : ভিন্ন সম্প্ৰদায়ৰ দম্পত্তিৰ বিবাহ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ ৰায়দান এলাহাবাদ উচ্চ ন্য়ায়ালয়ৰ । ভিন্ন সম্প্ৰদায়ৰ এক দম্পত্তিৰ পক্ষত থাকি উচ্চ ন্য়ায়ালয়ে দিয়া ৰায়দানটো হৈছে, এগৰাকী মহিলাই স্বামীৰ সৈতে নিজৰ স্বৰ্তমতে জীয়াই থকাৰ অধিকাৰ আছে । উচ্চ ন্য়ায়ালয়ে স্বামীৰ বিৰুদ্ধে দিয়া এখন এজাহাৰো খাৰিজ কৰে ।

উল্লেখ যে পিতৃয়ে মহিলা গৰাকীৰ স্বামীৰ বিৰুদ্ধে অপহৰণ আৰু জোৰ কৰি বিয়া পতাৰ অভিযোগ আনিছিল । কিন্তু মহিলা গৰাকীয়ে স্বামীৰ পক্ষত থাকি আদালতৰ কাষ চাপে আৰু ন্য়ায়াধীশ পংকজ নাডৱিক আৰু বিবেক আগৰৱালৰ দুজনীয়া বিচাৰপীঠে অৱশেষত ৰায় প্ৰদান কৰে যে এগৰাকী প্ৰাপ্ত বয়স্ক মহিলাই নিজৰ ইচ্ছামতে জীয়াই থকাৰ অধিকাৰ আছে ।

মহিলাগৰাকীৰ স্বামীয়ে কৰা এক আবেদনৰ ভিত্তিত দম্পত্তিটোক সুৰক্ষা প্ৰদানৰ বাবে আদালতে ইতাহ আৰক্ষীক নিৰ্দেশ দিয়ে ।

ইয়াৰ পূৰ্বে ইতাহ মুখ্য় ন্যায়িক দণ্ডাধীশৰ আদালতে মহিলাগৰাকীক শিশু কল্য়াণ কমিটীলৈ প্ৰেৰণ কৰি পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ অনিচ্ছা স্বত্বেও অভিভাৱকৰ ওচৰলৈ পঠিয়াছিল । পিছত এলাহাবাদ উচ্চ ন্য়ায়ালয়ে ইয়াক ভুল পদক্ষেপ বুলি অভিহিত কৰে ।

লগতে পঢ়ক :ভাৰতত মুকলি প্ৰথমখন চালকবিহীন ৰেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.