নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ লক ডাউনৰ সময়ছোৱাতে নিজৰ অভিজ্ঞতাৰে অনলাইযোগে নৃত্যৰ পাঠদান আগবঢ়াইছে বলীউদ অভিনেত্ৰী ৰিছা চদ্দাই ।
মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি ঘোষণা কৰা লক ডাউনৰ বাবে অভিনেত্ৰী গৰাকীয়ে সুস্বাদু আহাৰ বনোৱাৰ উপৰিও অনুৰাগী সকলৰ বাবে বিশেষভাৱে অনলাইযোগে নৃত্যৰ পাঠদান প্ৰদান কৰি আহিছে । লগতে শৰীৰচৰ্চাৰ জৰিয়তে নিজৰ শৰীৰৰো যতন লৈছে অভিনেত্ৰী গৰাকীয়ে ।
অভিনেত্ৰী গৰাকীয়ে কয়, "নৃত্য বাস্তৱ ক্ষেত্ৰত মোৰ বাবে চিকিৎসাৰ দৰে অনুভৱ । বিগত বৰ্ষত মই বেলী ডান্স শিকিছিলো । এতিয়া মই লক ডাউন বাবে নৃত্য চৰ্চা কৰিবলৈ সময় পাইছো ।"