ETV Bharat / bharat

ৰিয়া চক্ৰৱৰ্তীয়ে জীৱনত কেতিয়াও সেৱন কৰা নাই ড্ৰাগছ

author img

By

Published : Aug 26, 2020, 6:37 PM IST

Updated : Aug 26, 2020, 6:47 PM IST

সুশান্ত সিং ৰাজপুতৰ গোচৰত চিবিআইৰ তদন্তৰ মাজতে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে উত্থাপন হোৱা ড্ৰাগছৰ ব্যৱহাৰৰ অভিযোগৰ তদন্ত কৰাৰ কথা পোহৰলৈ আহিছে ৷ যাৰ বিৰুদ্ধে ৰিয়াৰ অধিবক্তাই সকলো অভিযোগ নসাৎ কৰি মন্তব্য প্ৰকাশ কৰিছে ৷

Rhea Chakraborty's lawyer refutes 'drug angle' reports, says actor is ready for any test
ৰিয়া চক্ৰৱৰ্তীয়ে জীৱনত কেতিয়াও সেৱন কৰা নাই ড্ৰাগছঃ ৰিয়াৰ অধিবক্তা

নিউজ ডেস্ক, 26 আগষ্টঃ সুশান্ত সিং ৰাজপুতৰ গোচৰত চি বি আইৰ তদন্তৰ মাজতে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে উত্থাপন হোৱা ড্ৰাগছৰ ব্যৱহাৰৰ অভিযোগৰ তদন্ত কৰাৰ কথা পোহৰলৈ আহিছে ৷ যাৰ বিৰুদ্ধে ৰিয়াৰ অধিবক্তাই সকলো অভিযোগ নসাৎ কৰি এক মন্তব্য প্ৰকাশ কৰে ৷ ৰিয়াৰ অধিবক্তা সতীশ মানশিন্দে এক বক্তব্যত প্ৰকাশ কৰে যে, 'ৰিয়া চক্ৰৱৰ্তীয়ে নিজৰ জীৱনত কেতিয়াও ড্ৰাগছ সেৱন কৰা নাই আৰু তেখেত যিকোনো সময়ত তেজ পৰীক্ষাৰ বাবে প্ৰস্তুত আছে ৷'

দৰাচলতে, প্ৰয়াত বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত ধনৰ খেলিমেলিৰ তদন্ত কৰি থকা ইডিয়ে নাৰ্কটিক্স কন্ট্ৰল ব্যুৰ'ৰ পৰা ড্ৰাগছৰ চিণ্ডিকেটৰে সম্পৰ্ক সন্দৰ্ভত তদন্তত সহায় বিচাৰিছে ৷

ED ৰ এক উচ্চ পদস্থ সুত্ৰই জানিবলৈ দিয়া অনুসৰি, বিত্তীয় তদন্ত সংস্থাই এন চি বিক এখন পত্ৰ লিখে য‘ত ড্ৰাগছ সম্পৰ্কীয় তদন্তত তেওঁলোকৰ সহযোগিতা বিচাৰিছে ৷ এই সক্ৰিয় অভিযোগ কথিত ৰূপত ৰিয়া চক্ৰৱৰ্তীৰ ৱাটচ্এপ ষ্টেটাচৰ তদন্তৰ পাছত লগোৱা হৈছে ৷

লগতে পঢ়ক : উচতনিমূলক মন্তব্য দিয়াৰ অপৰাধত শ্বাৰ্জিল ইমামক পুনৰ গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

Last Updated : Aug 26, 2020, 6:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.