নিউজ ডেস্ক, 13 অক্টোবৰঃ মহাৰাষ্ট্ৰত নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিৰোধীৰ প্ৰতি সোচ্চাৰ হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ বিৰোধীক প্ৰত্যাহ্বান জনাই অনুচ্ছেদ 370 ঘুৰাই অনাৰ কথা নিৰ্বাচনী ইস্তাহাৰত সন্নিৱিষ্ট কৰিবলৈ কয় প্ৰধানমন্ত্ৰী মোডীয়ে ৷
উল্লেখ্য যে, মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে 4 দিনত 9খনকৈ সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ নিৰ্বাচনী প্ৰচাৰৰ মাজতে অনুচ্ছেদ 370ক লৈ সৰৱ হৈ পৰে প্ৰধানমন্ত্ৰী মোডী ৷ অনুচ্ছেদ 370ক লৈ মুকলিকৈ বিৰোধী দলৰ প্ৰতি প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰীৰ ৷ "সাহস আছে যদি ঘুৰাই আনক অনুচ্ছেদ 370" !
লগতে পঢ়কঃ ৰাহুল গান্ধীক কংগ্ৰেছৰ দায়িত্ব গ্ৰহণৰ আহ্বান চলমান খুৰ্শিদৰ
মহাৰাষ্ট্ৰৰ জলগাঁওত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিৰোধীৰ প্ৰতি সোচ্চাৰ হৈ পৰে প্ৰধানমন্ত্ৰীগৰাকী ৷ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, "অনুচ্ছেদ 370ক লৈ স্পষ্ট অৱস্থাত বিৰোধীৰ প্ৰতি মোৰ প্ৰত্যাহ্বান ৷ যদি সাহস আছে নিৰ্বাচনী ইস্তাহাৰত অনুচ্ছেদ 370 ঘুৰাই অনাৰ ঘোষণা কৰক ৷ প্ৰতিদিন এইদৰে ঘৰিয়ালৰ চকুপানী টুকি লাভ নাই ৷"
লগতে পঢ়কঃ 3খন চিনেমাৰ এদিনৰ উপাৰ্জন 120 কোটি, দেশৰ অৰ্থনীতি সৱলঃ ৰবিশংকৰ প্ৰসাদ
প্ৰধানমন্ত্ৰীগৰাকীৰ মতে দেশবাসীয়ে আৰু কেতিয়াও অনুচ্ছেদ 370 গ্ৰহণ নকৰে ৷ বিৰোধীৰ হাতত ক্ষমতা আছে যদি অনুচ্ছেদ পুনৰ ঘুৰাই আনি দেখুৱাওক ৷ কিন্তু মোৰ প্ৰত্যাহ্বান হৈছে দেশৰ মানুহে বিৰোধীক সেই অনুমতি প্ৰদান নকৰিব ৷ কংগ্ৰেছ দলক লক্ষ্য কৰি লৈ কংগ্ৰেছে এই সাহস কৰিলে দেশত কেতিয়াও ক্ষমতা লাভ কৰিবলৈ সক্ষম নহ'ব বুলি কটাক্ষ কৰে মোডীয়ে ৷
লগতে পঢ়কঃ প্ৰধানমন্ত্ৰীৰ মাতৃক সাক্ষাৎ কৰিলে ৰাষ্ট্ৰপতিয়ে
নিৰ্বাচনী সভাত মোডীয়ে কাশ্মীৰ সন্দৰ্ভত কয় যে, "অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পূৰ্বে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদ দেখা গৈছিল ৷ যিটো ভাৰতৰ অখণ্ডতা আৰু ঐক্যৰ পৰিপন্থী আছিল ৷ জম্মু-কাশ্মীৰ বাবে বাবে এটুকুৰা মাটি নহয়, জম্মু-কাশ্মীৰ আমাৰ বাবে মুকুট ৷ এই অঞ্চলৰ প্ৰতিটো এলেকাই ভাৰতৰ চিন্তা আৰু শক্তিক সম্বৃদ্ধ কৰি আহিছে ৷