ETV Bharat / bharat

আনলক্ 1.0ঃ মুম্বাইৰ মেৰিন ড্ৰাইভত ব্যাপক জনসমাগম - COVID-19

দেওবাৰে সন্ধিয়া মুম্বাইৰ মেৰিন ড্ৰাইভৰ এটি দৃশ্যই শংকিত কৰি তুলিছে সচেতন নাগৰিকক । মেৰিন ড্ৰাইভত দেওবাৰে কোনো ধৰণৰ সামাজিক দূৰত্ব বজাই নাৰাখি ওলাই আহিল বহু সংখ্যক লোক ।

মুম্বাই
মুম্বাইৰ মেৰিন ড্ৰাইবৰ এটি দৃশ্যই শংকিত কৰিছে সচেতন নাগৰিকক
author img

By

Published : Jun 8, 2020, 10:01 AM IST

নিউজ ডেস্ক, ৮ জুনঃ মহামাৰী কৰ'ণা ভাইৰাছৰ মাজতে সমগ্ৰ দেশজুৰি আনলক ১.০ আৰম্ভ হোৱা লগে লগে কিছু পৰিমাণে স্বাভাবিক হৈ পৰিছে জনজীৱন । যাৰ পৰিপ্ৰেক্ষিততে দেওবাৰে সন্ধিয়া মুম্বাইৰ মেৰিন ড্ৰাইভত দেখা এটি দৃশ্যই শংকিত কৰিছে মুম্বাইৰ সচেতন নাগৰিকক । মেৰিন ড্ৰাইভত দেওবাৰে একাংশ লোকে মাস্ক পৰিধাণ কৰি ফুুৰিবলৈ ওলাই আহে যদিও কোনো ধৰণৰ সামাজিক দূৰত্ব বজাই নাৰাখে লোক সকলে । যাৰ বাবে শংকিত হৈছে মুম্বাইবাসী ।

মুম্বাই
মুম্বাইৰ মেৰিন ড্ৰাইবৰ এটি দৃশ্যই শংকিত কৰিছে সচেতন নাগৰিকক

মহাৰাষ্ট্ৰত উদ্ৱৱ ঠাকৰে নেতাত্বাধীন চৰকাৰখনে লক ডাউনত কিছু পৰিমাণে শিথিলতাৰ ঘোষণা কৰি চাইক্লিং, জগিং কৰাৰ বাবে অনুমতি প্ৰদান কৰাৰ পাচতে এই দৃশ্য দেখিবলৈ পোৱা যায় মেৰিন ড্ৰাইভত ।

আনহাতে, মহামাৰী COVID-19 দ্ৰুত গতিত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইৰ এই দৃশ্যই আন লক্ নীতিৰ বাবে চিন্তিত কৰি তুলিছে সচেতন মহলক ।

উল্লেখ্য যে, দেওবাৰ পৰ্যন্ত মহাৰাষ্ট্ৰত COVID-19ত আক্ৰান্তৰ সংখ্যা মুঠ ৮৫,৯৭৫ গৰাকী । ইয়াৰে COVID-19ত আক্ৰান্ত ৪৮,৭৭৪ গৰাকীয়েই মুম্বাইৰ । আনহাতে, ৰাজ্যখনত ১,৬৩৮ গৰাকীৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলিও জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.