ETV Bharat / bharat

১ জানুৱাৰীৰ পৰা বিদ্য়ালয় খোলাৰ সিদ্ধান্তত অটল কৰ্ণাটক চৰকাৰ

author img

By

Published : Dec 23, 2020, 9:53 PM IST

কৰ্ণাটকৰ শিক্ষামন্ত্ৰী এছ সুৰেশ কুমাৰে নিশ্চিত কৰিলে যে, পূৰ্বে ঘোষণা কৰা অনুসৰি ১ জানুৱাৰীৰ পৰা বিদ্য়ালয়সমূহ খোলা হ'ব । কৰ'ণাৰ নতুনকৈ সংক্ৰমণৰ প্ৰতি লক্ষ্য় ৰাখি ৰাজ্য়খনত বলবৎ কৰা হৈছে নৈশ সান্ধ্য় আইন ।

১ জানুৱাৰীৰ পৰা বিদ্য়ালয় খোলাৰ সিদ্ধান্তক সমৰ্থন কৰ্ণাটক চৰকাৰৰ

নেশ্য়নেল ডেস্ক, ২৩ ডিচেম্বৰ : COVID-19 য়ে বিশ্বজুৰি যি এক পৰিবেশৰ সৃষ্টি কৰিলে তাৰ মাজতে বহুতে অনুমান কৰিছে যে পূৰ্বে ঘোষণা কৰা অনুসৰি জানুৱাৰী মাহৰ পৰা বিদ্য়ালয়সমূহ পুনৰ খোলা হ'ব । বিদ্য়ালয়সমূহ খোলালৈ কৰ্ণাটকটো বিভিন্ন মহলত চৰ্চা চলিছে । ইয়াৰ মাজতে কৰ্ণাটকৰ শিক্ষামন্ত্ৰী এছ সুৰেশ কুমাৰে কয় যে, পূৰ্বে ঘোষণা কৰা অনুসৰি জানুৱাৰী মাহৰ পৰাই বিদ্য়ালয়সমূহ খোলা হ'ব । তেওঁ জানিবলৈ দিয়া অনুসৰি, ক'ভিডৰ প্ৰকাৰ সলনি হোৱা সন্দৰ্ভত বিশেষজ্ঞৰ সৈতে আলোচনা চলি আছে । ভাইৰাছৰ ধৰণ এতিয়ালৈ ধৰিব পৰা হোৱা নাই । আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্ধনেও যিহেতু কৈছে যে, বেছি চিন্তাৰ প্ৰয়োজন নাই কিন্তু সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় । গতিকে সুৰেশ কুমাৰৰ মতে প্ৰায় প্ৰতিদিনে তেওঁলোকে বিশেষজ্ঞৰ মতামত লয় আৰু যি নিৰ্দেশ দিয়ে তাক পালন কৰে ।

উচ্চ ন্য়ায়ালয়েও সেইবোৰ জিলাত বিদ্য়ালয় খোলাৰ পৰামৰ্শ দিছে য'ত ক'ভিড আক্ৰান্তৰ সংখ্য়া কমিছে । ইয়াৰ পূৰ্বে কৰ্ণাটকৰ মুখ্য়মন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাই কৈছিল যে COVID-19 ৰ সংক্ৰমণৰ মূল্য়াংকন দুই-তিনি দিনৰ ভিতৰতে কৰা হ'ব আৰু তাৰ পিছত বিদ্য়ালয়সমূহ পুনৰ খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হ'ব । সূত্ৰৰ মতে কৰ'ণাৰ লক্ষণ দেখা পোৱা শিক্ষাৰ্থীক বিদ্য়ালয়ৰ কোঠাত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব । ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থী বিদ্য়ালয়লৈ অহাটো বাধ্য়তামূলক নহয় । এটা শ্ৰেণীত সৰ্বাধিক ২০ গৰাকী শিক্ষাৰ্থীৰ বাবেহে থাকিব অনুমতি আৰু শ্ৰেণীসমূহ অৰ্ধদিনৰহে হ'ব । মধ্য়াহ্ন ভোজনৰ ব্য়ৱস্থা নাথকিব কিন্তু শিক্ষাৰ্থীৰ বাবে খাদ্য় সামগ্ৰীৰ টোপোলা ঘৰলৈ পঠিওৱাৰ ব্য়ৱস্থা কৰা হ'ব । ইফালে কৰ'ণাৰ নতুনকৈ সংক্ৰমণৰ প্ৰতি লক্ষ্য় ৰাখি কৰ্ণাটক চৰকাৰে নৈশ সান্ধ্য় আইন ২ জানুৱাৰীলৈ বলবৎ কৰিছে । আনহাতে পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ সাধাৰণ জীৱন অব্য়াহত থাকিব ।

লগতে পঢ়ক : প্ৰকৃত নিয়ন্ত্ৰণৰেখাত স্থলসেনা প্ৰধান জেন. নাৰাৱানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.