নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ মুম্বাইস্থিত ভাৰতীয় নৌ-সেনাৰ এটা চাউনীত কোভিড-১৯ৰ আক্ৰমণৰ পিচতে ইয়াক লৈ সক্ৰিয় হৈ পৰিছে দেশৰ সশস্ত্ৰ বাহিনী । ইয়াৰ পিচতেই দেশৰ তিনিওটা সেনাৰ মুখ্য অভিযানকাৰী বিষয়া আৰু সামৰিক নিৰীক্ষণকাৰী দিশবোৰক বাদ দি সকলো চাউনী তথা কাৰ্যালয়ত "no movement" নীতি আৰোপ কৰা হৈছে । তিনিওটা সেনাৰ মুখ্যালয়ৰ শীৰ্ষ বিষয়াসকলে মহামাৰীৰ সৈতে যুঁজিবলৈ সকলো দিশৰ পৰিচালনা কৰিবলৈ ইতিমধ্যে জৰুৰীকালীন আলোচনাত মিলিত হৈছে ।
নৌ-সেনাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি, ভাৰতীয় নৌ-সেনাত প্ৰথমটো কোভিড-১৯ৰ ঘটনা পোহৰলৈ আহিছিলি ৭ এপ্ৰিলত আৰু তাৰ পিচৰে পৰাই নৌ-সেনাৰ সকলো গিতিবিধিৰ লগতে প্ৰশিক্ষণ বন্ধ কৰি ৰাখিবলৈ নিৰ্দেশনা লাভ কৰিছিল । নৌ-সেনাই ইতিমধ্যে বদলি আৰু নিয়োগৰ কাম বন্ধ কৰি ৰাখিছে । যিসকল ইতিমধ্যে বিভিন্ন জাহাজ আৰু অন্যান্য দিশত নিয়োগ হৈ আছে তেওঁলোকৰ কৰ্মস্থলী তথা কৰ্ম পৰিসৰ বৃদ্ধি কৰি দিবলৈ কোৱা হৈছে । নৌ-সেনাই ইতিমধ্যে ইয়াৰ অন্তৰ্গত চাউনী আৰু কামাণ্ডসমূহ প্ৰতিটো বিল্ডিঙৰ মাজত কৰ্মচাৰী চলাচল বন্ধ কৰি দিছে ।
ভাৰতীয় বায়ু সেনাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যেই বায়ুসেনাই ইয়াৰ কৰ্মচাৰী আৰু প্লেটফৰ্মসমূহ প্ৰতিৰোধক প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে । বিভিন্ন দেশলৈ নাগৰিক আনিবলৈ প্ৰেৰণ কৰা ভাৰতীয় বায়ুসেনাৰ বিমানসমূহক সম্পূৰ্ণৰূপে ছেনিটাইজ কৰাৰ লগতে উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰা বায়ু সৈনিকসকলক ১৪ দিন আছুতীয়াকৈ নিৰীক্ষণত ৰখা হৈছে ।
স্থলসেনাৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি,কোভিড-১৯ৰ বিৰুদ্ধে স্থলসেনাই ইতিমধ্যে কঠোৰ নীতি অৱলম্বন কৰিছে । স্থলসেনাৰ প্ৰায় ১৫ লাখ কৰ্মচাৰীক এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ প্ৰতিৰোধক প্ৰদান কৰা হৈছে । স্থলসেনাৰ সকলো কৰ্মস্থলীতে কিছুসংখ্যক বিশেষ কৰ্মচাৰীৰ দ্বাৰা কাম চলাই থকা হৈছে আৰু দায়িত্বৰ পৰা অথবা ছুটীৰ পৰা উভটি অহা কৰ্মচাৰীসকলক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । বেৰেকৰ ভিতৰত থকা বিছনাসমূহৰ মাজত দুৰত্ব অধিক বঢ়াই দিছে স্থলসেনাই । পাকিস্তান আৰু চীনৰ সীমান্তত থকা চাউনীসমূহটো একেই নিৰ্দেশনা পালন কৰি থকা হৈছে । প্ৰতিকাৰমূলক ব্যৱস্থা হিচাপে স্থলসেনাৰ প্ৰায় ৬২টা কন্টনমেন্টত সকলোধৰণৰ গতিবিধি বন্ধ কৰি দিয়া হৈছে ।
উল্লেখ্য যে, ভাৰতীয় নৌ-সেনাৰ অতিকে সামৰিক গুৰুত্বপূৰ্ণ কামাণ্ড হৈছে ৱেষ্টাৰ্ণ নাভেল কামাণ্ড । এই কামাণ্ডে আৰৱ সাগৰৰ লগতে ভাৰত মহাসাগৰীয় অঞ্চলৰ নিৰীক্ষণ তথা সুৰক্ষাৰ দায়িত্ব পালন কৰে । এই কামাণ্ডৰ অধীনস্থ অতিকে গুৰুত্বপূৰ্ণ সামৰিক logistics and support চাউনী হৈছে INS Angre আৰু ই মুম্বাইস্থিত Naval dockyardৰ পৰা কিছু নিলগতে অৱস্থিত । ইতিমধ্যে এই চাউনীৰ আক্ৰান্ত নাবিকসকলক নৌ-সেনাৰ চিকিৎসালয়ত বিশেষ নিৰীক্ষণত ৰখাৰ লগতে তেওঁলোকৰ সংস্পৰ্শত অহাসকলক বিচাৰি অভিযান আৰম্ভ কৰিছে নৌ-সেনাই ।
সমগ্ৰ বিশ্বতে বিশেষকৈ নৌ-সেনাসমূহে এই ভাইৰাছৰ দ্বাৰা বহুলৰূপে ক্ষতিগ্ৰস্ত হৈছে । শেহতীয়াকৈ আমেৰিকান নৌ-সেনাৰ অত্যাধুনিক বিমান পৰিবহনকাৰী জাহাজ USS Theodore Rooseveltৰ বহুসংখ্যক কৰ্মচাৰী এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে । ইয়াৰ উপৰিও ফ্ৰান্সৰ নৌ-সেনাৰ বিমান পৰিবহনকাৰী জাহাজ Charles-de-Gaulle আৰু ইয়াৰ সহায়কাৰী জাহাজসমূহো এই ভাইৰাছৰ কৱলত পৰিছে । এনে সময়তে ভাৰতীয় নৌ-সেনাইয়ো একেই পৰিস্থিতিৰে যুঁজ দিবলগীয়া হৈছে ।
লগতে পঢ়কঃ কোভিড-১৯ : আমেৰিকান নেভীৰ পিছত ইণ্ডিয়ান নেভীত কৰ'ণাৰ আক্ৰমণ