ETV Bharat / bharat

মধ্যপ্ৰদেশত ধৰ্মান্তৰকৰণ বিৰোধী নতুন আইন

author img

By

Published : Jan 10, 2021, 6:03 PM IST

Updated : Jan 10, 2021, 7:04 PM IST

উত্তৰপ্ৰদেশৰ পিছত এইবাৰ ধৰ্মান্তৰকৰণৰ ক্ষেত্ৰত নতুন আইন বলৱৎ কৰা হৈছে মধ্য়প্ৰদেশটো । ভুল তথ্যৰে, অন্য়ায় ভাৱে, বলপ্ৰয়োগ কৰি, বিবাহ বা কোনো প্ৰতাৰণামূলক ভাৱে ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে শনিবাৰে অধ্য়াদেশ জাৰি কৰা হয় ৰাজ্য়খনত ।

মধ্য়প্ৰদেশত ধৰ্মান্তৰকৰণ বিৰোধী নতুন আইন

নিউজ ডেস্ক , ১০ জানুৱাৰী : দেশৰ ভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনে বলপূৰ্বক বা অন্য়ায়ভাৱে ধৰ্মান্তৰকৰণৰ বিভিন্ন ঘটনা সংঘটিত হৈ আহিছে । এনে ঘটনাৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে মধ্য়প্ৰদেশ চৰকাৰ । উত্তৰপ্ৰদেশৰ পিছত এইবাৰ ধৰ্মান্তৰকৰণৰ ক্ষেত্ৰত নতুন আইন বলৱৎ কৰা হৈছে মধ্য়প্ৰদেশটো । ৭ জানুৱাৰীত মধ্য়প্ৰদেশৰ ৰাজ্য়পাল আনন্দিবেন পেটেলে মঞ্জুৰি প্ৰদান কৰাৰ পিছতে ৰাজ্য়ৰ গৃহ বিভাগে ৰাজপত্ৰ যোগে "মধ্য়প্ৰদেশ ফ্ৰীডম অৱ ৰিলিজিয়ন অৰ্ডিনেঞ্চ,২০২০" শীৰ্ষক অধ্য়াদেশৰ ঘোষণা কৰে । ভুল তথ্যৰে ,অন্য়ায় ভাৱে ,বলপ্ৰয়োগ কৰি , বিবাহ বা কোনো প্ৰতাৰণামূলক ভাৱে ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে শনিবাৰে এই অধ্য়াদেশ জাৰি কৰা হয় ।

অধ্য়াদেশৰ মতে এতিয়াৰে পৰা ৰাজ্য়খনত ভুল তথ্যৰে, প্ৰলোভন দি, ভয় ভাবুকি দি, অন্য়ায় ভাৱে, বিবাহ বা কোনো প্ৰতাৰণামূলক ভাৱে ধৰ্মান্তৰকৰণ আইন মতে দণ্ডনীয় হ'ব । লগতে কোৱা হৈছে যে ধৰ্মান্তকৰণৰ উদ্দেশ্য়ে হোৱা বিয়া মিছা আখ্য়া দিয়া হ'ব লগতে এই ঘটনাৰ লগত জড়িত ব্য়ক্তিৰ ১০ বছৰ পৰ্যন্ত জেল হ'ব পাৰে । ইফালে অইন ধৰ্মৰ ওপৰত বিশ্বাসী দম্পতীয়ে বিয়াৰ পূৰ্বে জিলা দণ্ডাধীশৰ অনুমতি ল'ব লাগিব ।

কেৱল এয়াই নহয় আইনৰ বিৰুদ্ধে হোৱা বিয়াত ভাগ লোৱা পুৰোহিত অথবা মৌলবীৰো ৫ বছৰ পৰ্যন্ত জেল হ'ব । এই বিবাহৰ সৈতে জড়িত অনুস্থান-প্ৰতিস্থানৰ ক্ষেত্ৰটো ব্য়ৱস্থা লোৱা হ'ব ।

ইফালে এই আইন অনুসৰি বিবাহত বহাৰ ৬০ দিন পূৰ্বে জিলা দণ্ডাধীশৰ ওচৰত নিজ ইচ্ছামতে এই কাম কৰা বুলি নিশ্চিত প্ৰদান কৰি এক নিৰ্দিষ্ট পত্ৰ জমা দিব লাগিব দম্পতীয়ে । যিসকলে নিজৰ ধৰ্মৰ কথা লুকাই বিবাহ সম্পন্ন কৰিব তেনে ব্য়ক্তিয়ে ১০ বছৰ পৰ্যন্ত জেল অথবা ৫০ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব । ধৰ্মান্তৰকৰণৰ কু-অভিসন্ধিৰে যিসকলে বিবাহ সম্পন্ন কৰিব তেওঁলোকৰো অতিকমেও দহ বছৰ জেল আৰু ১ লাখ টকা পৰ্যন্ত জৰিমনা হ'ব ।

লগতে পঢ়ক : মধ্য়প্ৰদেশত তৃতীয় লিংগক পৃথক পৰিচয় পত্ৰ প্ৰদান

Last Updated : Jan 10, 2021, 7:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.