ETV Bharat / bharat

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ বিৰুদ্ধে থকা গোচৰ উঠাই ল'লে উচ্চ ন্যায়ালয়ে - তথ্য-প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় নেতা অমিত মালব্য

ৰাজস্থান উচ্চ ন্যায়ালয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জয়প্ৰকাশ নড্ডা আৰু তথ্য-প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় নেতা অমিত মালব্যৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ উঠাই লয় ৷

ৰাজস্থান উচ্চ ন্যায়ালয়
ৰাজস্থান উচ্চ ন্যায়ালয়
author img

By

Published : Jun 3, 2020, 10:31 PM IST

নিউজ ডেস্ক, 3 জুনঃ বিজেপিৰ নেতাৰ বিৰুদ্ধে থকা গোচৰ উঠাই ল'লে ৰাজস্থান উচ্চ ন্যায়ালয়ে ৷ ৰাজ্যখনৰ বুন্দী থানাত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জয়প্ৰকাশ নড্ডা আৰু তথ্য-প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় সংযোজক অমিত মালব্যৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷ উক্ত গোচৰৰ অনুসন্ধানত বাধা প্ৰদান কৰিছে ৰাজস্থান উচ্চ ন্যায়ালয়ে ৷ ন্যায়াধীশ মহেন্দ্ৰ গোৱেলৰ এজনীয়া খণ্ড বিচাৰপীঠে এই আদেশ জাৰি কৰি জয়প্ৰকাশ নড্ডা আৰু অমিত মালব্যৰ বিৰুদ্ধে শুনানিত এই সিদ্ধান্ত লয় ৷

অভিযোগকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা ৰাজ দীপক ৰষ্টোগীয়ে কয় যে, বিগত 26 এপ্ৰিলত বুন্দী থানাত ছোনিয়া গান্ধীৰ বিৰুদ্ধে কৰ'ণাক লৈ কৰা টুইট সন্দৰ্ভত গোচৰ ৰুজু হৈছিল ৷ অভিযোগত সমগ্ৰ বিষয়টো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি কোৱা হৈছিল আৰু ছোনিয়া গান্ধীক বিনা কাৰণত মিছাকৈ অপবাদ জাপি দিয়া বুলি কোৱা হৈছিল ৷ কংগ্ৰেছ কৰ্মীসকলে এই সন্দৰ্ভত একেটা অভিযোগতে ৰাজ্যখনৰ বহুকেইখন জিলাত এজাহাৰ দাখিল কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, একেটা অভিযোগতে বহুকেইখন এজাহাৰ দাখিল কৰিব নোৱাৰি বুলি কৈছিল ৷ কিন্তু এই সন্দৰ্ভত হনুমানগড়ত দাখিল কৰা প্ৰতিবেদনত উচ্চ ন্য়ায়ালয়ে যোধপুৰ পীঠে এই বিষয়ত পূৰ্বেই মত প্ৰদান কৰিছে বুলি জয়প্ৰকাশ নড্ডা আৰু অমিত মালব্যৰ বিৰুদ্ধে উত্থাপন হোৱা গোচৰৰ অনুসন্ধানত বাধা প্ৰদান কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.