ETV Bharat / bharat

ছাৰ্ক,কৰ’না ভাইৰাছ আৰু পাকিস্তান

author img

By

Published : Mar 18, 2020, 2:29 PM IST

কভিড-১৯ৰ ক্ষেত্ৰত আঞ্চলিক নীতি আদৰণীয়,কিন্তু ছাৰ্কৰ পুনৰুত্থান সন্দৰ্ভত মন্তব্য দিয়াৰ সময় হোৱা নাই—ছাৰ্কত পাকিস্তানে কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰাটো অনুচিত হৈছে বুলি দাবী ভাৰতৰঃ সূত্ৰ

ছাৰ্ক,কৰ’না ভাইৰাছ আৰু পাকিস্তান
ছাৰ্ক,কৰ’না ভাইৰাছ আৰু পাকিস্তান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হঠাতে এক টুইটযোগে কৰ’ণা ভাইৰাছৰ প্ৰত্যাহ্বান নিয়ন্ত্ৰণ কৰাৰ বাবে দক্ষিণ এছিয়াৰ আঞ্চলিক ৰণনীতি প্ৰস্তুত কৰাৰ বাবে আহ্বান জনোৱাৰ দুদিন পাছতে ভাৰতে নেতৃত্ব দিয়া এক ভিডিঅ’ কনফাৰেন্সত আঠখন ছাৰ্ক সদস্য ৰাষ্ট্ৰৰ শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ডেৰ ঘণ্টা ধৰি চলা ভিডিঅ’ কনফাৰেন্সত সকলো চৰকাৰৰ মুৰব্বী (প্ৰধানমন্ত্ৰী ) আৰু দেশৰ প্ৰধানসকল (ৰাষ্ট্ৰপতি) উপস্থিত থাকে। মাত্ৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিশেষ প্ৰতিনিধি হিচাপে পাকিস্তানৰ কনিষ্ঠ স্বাস্থ্য মন্ত্ৰী জাফৰ মিৰ্জাই ভাগ লয়। শুকুৰবাৰে সন্ধিয়া দিয়া প্ৰস্তাৱটোক এঘণ্টা বা দুঘণ্টাৰ ভিতৰতে নেতাসকলে গ্ৰহণ কৰে। বিশেষ সূত্ৰই জনোৱা অনুসৰি শনিবাৰে ভাৰতবৰ্ষই এই বিষয়ও আগবঢ়াই লৈ যায় আৰু দেওবাৰে ভিডিঅ’ কনফাৰেন্স সম্ভৱ হৈ উঠে । এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি চীন আৰু ইটালীত লাখ লাখ লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তুলনাত ঘন বসতিপূৰ্ণ ছাৰ্ক অঞ্চলত ১৫০ গৰাকী লোকহে এই ৰোগত আক্ৰান্ত হৈছে। তথাপি এই দেশসমূহে ফলাফললৈ গা এৰা দিয়াৰ সলনি দূৰদৃষ্টিৰে সতৰ্ক হোৱা উচিত। আঞ্চলিক প্ৰসংগত প্ৰথম আৰু প্ৰধান ধাৰণা আছিল যে যিহেতু আমাৰ উমৈহতীয়া আৰু দুৰ্বল সীমান্ত আছে আৰু সকলোৰে পৰিস্থিতি অনুৰূপ সেয়ে আমি চুবুৰীয়া দেশসমূহৰ লগত আলোচনা কৰিব লাগে ।

Regional Strategy On Covid19 Imperative But Too Early To Talk of SAARC Revival- Indian Sources Pak Raising Kashmir in SAARC Meet Unwarranted: Sources
ছাৰ্ক,কৰ’না ভাইৰাছ আৰু পাকিস্তান

এটা পৰ্যায়ত সহযোগিতা থকাটো প্ৰয়োজন আছিল বুলি জ্যেষ্ঠ বিষয়াজনে মত প্ৰকাশ কৰে ।

সূত্ৰটোৰ মতে কভিড-১৯ ৰ ক্ষেত্ৰত ছাৰ্ক সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰত্যেকৰে নিজা নিজা সমস্যা আছে । মালদ্বীপৰ দৰে ক্ষুদ্ৰ ৰাষ্ট্ৰৰ সম্পদৰ সমস্যা থকাৰ বিপৰীতে শ্ৰীলংকা,নেপাল আদি দেশত ইটালী, চীন আৰু আফগানিস্তান আদিৰ পৰা বহু পৰ্যটকে ভ্ৰমণ কৰে। সূত্ৰটোৰ মতে যদিও কিছু সময়ৰ পৰা ছাৰ্কত অচলাৱস্থাই বিৰাজ কৰি আছে কিছু পৰ্যায়ৰ সহযোগিতা বৃদ্ধি আৰু সমূহীয়া সঁহাৰিৰ অতি প্ৰয়োজন আছিল ।

অৱশ্যে ছাৰ্কৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ পুনৰুত্থান সম্পৰ্কে এতিয়াই মন্তব্য কৰাৰ সময় হোৱা নাই। পাকিস্তানৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ছাৰ্ক সন্মিলনখন ২০১৬ চনৰ উৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নেতৃত্বত বৰ্জন কৰা হৈছিল। তেতিয়াৰে পৰা ছাৰ্কত অচলাৱস্থাই বিৰাজ কৰি আছে। বিশেষ উৎসই জনোৱা অনুসৰি ভাৰতৰ প্ৰস্তাৱৰ প্ৰতি পাকিস্তানৰ প্ৰাৰম্ভিক সঁহাৰি সৌদায্যপূৰ্ণ আৰু ইতিবাচক আছিল । কিন্তু পাছত ভিডিঅ’ কনফাৰেন্সত পাক প্ৰধানমন্ত্ৰী ইমৰান খানে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ এক গুৰুতৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছত হাস্পতালৰ পৰা ওলোৱাৰ এদিন পাছতে আলোচনাত ভাগ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়তে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোচনাৰ পৰা বিৰত থাকে । পাকিস্তানৰ প্ৰতিনিধিয়ে ভিডিঅ’ কনফাৰেন্সত তেওঁৰ মন্তব্যৰ শেষৰ ফালে কাশ্মীৰৰ বিষয়টোক উত্থাপন কৰাটো সৌজন্যতাহীন আৰু অনুচিত বুলি সূত্ৰটোৱে মত প্ৰকাশ কৰিছে । এই সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ বিষয়াৰ মন্তব্য—“আমাৰ বন্ধুসকলে এক মানৱীয় পদক্ষেপক ৰাজনীতিকৰণ কৰিব বিচাৰিছে ।”

“যদিও এক জৰুৰীকালীন অৱস্থাই সকলো নেতাকে একগোট কৰাইছে ছাৰ্কৰ পুনৰুত্থানৰ বিষয়টো সন্দৰ্ভত আগতীয়া মন্তব্য কৰাটো ঠিক নহ’ব । এই বৈঠকৰ ফলত আন কিবা আঞ্চলিক প্ৰচেষ্টাৰ সৃষ্টি হ’ব যদি আমি মন্তব্য দিব নোৱাৰো। পাকিস্তানৰ মন্তব্য প্ৰতিক্ৰিয়া প্ৰকাশৰ যোগ্য নহয়। ই তেওঁলোকৰ প্ৰকৃত স্বৰূপ প্ৰতিফলিত কৰিছে ।” এনেদৰে ভাৰতৰ এক সূত্ৰই কয় ।

কৰ'ণা ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰতবৰ্ষই এতিয়ালৈকে ১৪৪৪ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে । ইয়াৰে ৭৬৬ জন চীন, ১২৪ জন জাপান, ৩৩৬ জন ইৰান আৰু ২১৮ জন ইটালীৰ পৰা উদ্ধাৰ কৰা হৈছে । চৰকাৰে আক্ৰান্ত লোকসকলক উদ্ধাৰ কৰিব নিবিচাৰে আৰু তেওঁলোক যি স্থানত আছে তাতে থকাটো বিচাৰে যাতে দেশলৈ ভাইৰাছ বিয়পিব নোৱাৰে। স্থানীয় লোকৰ বাবে সুবিধাৰ অভাৱ হোৱা তথা চিকিৎসা সেৱাৰ সংকট দেখা দিয়া ইটালী আৰু ইৰানৰ পৰা ঋণাত্মক ফলাফল ওলোৱা ভাৰতীয়সকলক উদ্ধাৰৰ বাবে পৰিকল্পনা কৰা হৈছে । অতিৰিক্ত সচিব আৰু কভিড১৯ৰ সমন্বয়ক ডম্মু ৰবিৰ নেতৃত্বত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিশেষ কোষে বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰা দেশসমূহত য’ত হোষ্টেলত আবদ্ধ হৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকল থাকিব নোৱাৰে তেওঁলোকৰ প্ৰতি মানৱীয় দৃষ্টিভংগীৰে ব্যৱস্থা গ্ৰহণৰ বাবে দিনে-ৰাতিয়ে কাম কৰি আছে। ছাৰ্কৰ আঞ্চলিক প্ৰেক্ষাপটত ভাৰতবৰ্ষই ছাৰ্ক পেণ্ডেমিক ফাণ্ড গঠন আৰু ১০ মিলিয়ন আমেৰিকান ডলাৰৰ অৰিহণাৰ কথা ঘোষণা কৰিছে। তদুপৰি চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ অনুোৰধত গৱেষণা আৰু ৰেপিড ৰেছপণ্স টীমো প্ৰেৰণ কৰা হ’ব । দেওবাৰৰ ভিডিঅ’ কনফাৰেন্সৰ পাছত ছাৰ্কৰ বৈদেশিক সচিবসকল আৰু মিছনৰ জৰিয়তে অধিক সমন্বিত পদক্ষেপ গ্ৰহণ কৰা হ’ব। অনুোৰধৰ ৪৮ ঘণ্টাৰ ভিতৰতে ভাৰতে মালদ্বীপলৈ মেডিকেল ৰেপিড ৰেছপন্স টীম প্ৰেৰণ কৰিছে। ইয়াৰ লগতে ইৰানৰ কিছু মানৱীয় আহ্বানৰ প্ৰতিও চিন্তা-চৰ্চা কৰি আছে বুলি সূত্ৰই জনাইছে ।

“আমি ইচ্ছাকৃতভাৱে পেণ্ডেমিক পুঁজিৰ বাবে এক গঠন বা ব্যৱস্থা প্ৰস্তাৱ কৰা নাই। আমাৰ ধাৰণাটো হ’ল ইয়াক যিমান পাৰি সোনকালে ফলপ্ৰসূ আৰু দ্ৰতভাৱে কাৰ্যকৰী কৰিব পাৰি সেয়া নিশ্চিত কৰা ।” এগৰাকী চৰকাৰী বিষয়াই এনেদৰে মন্তব্য কৰে ।তদুপৰি জি২০ৰ কৌশলৰ দৰে অনুৰূপ এক অনলাইন ব্যৱস্থাৰ বাবেও ছাৰ্কক ভাৰতে প্ৰস্তাৱ দিব পাৰে ।

লেখকঃ-স্মিতা শৰ্মা

লগতে চাওকঃ

কৰ'ণা আতংকঃ পিছুৱালে বায়ু সেনাৰ এয়াৰমেন পদৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.