ETV Bharat / bharat

অসমৰ দৰে দেশৰ অন্য ৰাজ্যৰ বন বিষয়াসকল সশস্ত্ৰ কিয় নহয় : ববডে

author img

By

Published : Jan 8, 2021, 9:40 PM IST

অসমৰ দৰে দেশৰ অন্য ৰাজ্যৰ বন বিষয়াসকল অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত কিয় নহয় বুলি প্ৰশ্ন উত্থাপন দেশৰ মুখ্য ন্যায়াধীশ এছ এ ববডেৰ ৷ ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশত বন বিষয়া চোৰাং চিকাৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰা বহু ঘটনা পোহৰলৈ অহাৰ পিচতে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য ববডেৰ ৷

উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী : অসমৰ উদাহৰণ দি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববডেই প্ৰশ্ন উত্থাপন কৰে যে, অসমৰ দৰে অন্য ৰাজ্যৰ বন বিষয়াসকল কিয় অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত নহয় ৷ তেওঁ লগতে কয় যে, অসমৰ দৰে অন্য ৰাজ্যৰ বন বিষয়াসকলে সম অধিকাৰ কিয় লাভ কৰা নাই ৷ ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ দৰে ৰাজ্যত সততে বন বিষয়াই হিংসাত্মক আক্ৰমণৰ বলি হোৱাৰ পাচতে উক্ত ৰাজ্যকেইখনৰ চৰকাৰৰ পৰা শুকুৰবাৰে এই সম্পৰ্কত প্ৰতিবেদন বিচাৰে উচ্চতম ন্যায়ালয়ে ৷

লগতে মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, বন বিষয়াসকলৰ বাবে বুলেটপ্ৰুফ জেকেট, হেলমেট আদি যোগানৰ বাবে পুঁজিৰ অনুমোদন জনোৱাটো উচ্চতম ন্যায়ালয়ে নিশ্চিত কৰিব ৷ তেওঁ লগতে কিছুসংখ্যক বিষয়াৰ দ্বাৰা এক ৱাইল্ডলাইফ উইং গঠন কৰাৰো পৰামৰ্শ প্ৰদান কৰে ৷

ফৰেষ্ট ৰেঞ্জাৰৰ মৃত্যুৰ বাতৰি বহু পৰিমাণে বৃদ্ধি পোৱা সম্পৰ্কত এক শুনানি গ্ৰহণ কৰিছিল মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত গঠিত এক বিচাৰক মণ্ডলীয়ে ৷ তেওঁৰ সৈতে এই বিচাৰক মণ্ডলীত আছিল এ এছ বোপান্না আৰু ভি ৰামাসুব্ৰমনিয়াম ৷ ববডেই কয় যে, প্ৰতিজন বন বিষয়াৰে সুৰক্ষাৰ দিশটো অন্য সকলতকৈ অধিক পৰিমাণে নিশ্চিত কৰিব লাগিব ৷ ইয়াৰ কাৰণ হৈছে বন বিষয়াসকলে সাধাৰণত অকলে কৰ্তব্যত থাকে আৰু সহায়ৰ বাবে অন্য লোকৰ কাষ চাপিব নোৱাৰে ৷

জ্যেষ্ঠ অধিবক্তা শ্যাম দিভানে দাখিল কৰা এক প্ৰতিবেদন অনুসৰি, প্ৰায় 32 শতাংশ ফৰেষ্ট ৰেঞ্জাৰ নিৰস্ত্ৰ হোৱাৰ বাবে চোৰাং চিকাৰীয়ে হত্যা কৰি থৈ যায় ৷ ৰাজস্থান, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰত এনে ঘটনাৰ বিৰুদ্ধে বহু কেইটা গোচৰ দাখিল কৰা হৈছে ৷ দিভানেও এই লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ওপৰত জোৰ দিয়ে ৷

এমিকাছ ক্যুৰী এডিএন ৰাওক মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰশ্ন কৰে যে, বন বিষয়াসকল কিয় সশস্ত্ৰ নহয় ? ৰাওয়ে চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰ কৰা হোৱা নাই বুলি কাৰণ দৰ্শায় ৷ ইয়াৰ পাচতে এই বিষয়াসকলক নিৰস্ত্ৰ ৰখাৰ কিবা নিৰ্দেশ প্ৰদান কৰা আছে নেকি সেই সম্পৰ্কতো আদালতে নিৰীক্ষণ কৰে ৷

ইয়াৰ পাচতে আদালতে তিনিওখন ৰাজ্যক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷ বন বিষয়াসকলে সঘনে সন্মুখীন হৈ অহা এনে আক্ৰমণক আদালতৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰিছিল আবেদনকাৰীয়ে ৷ লগতে আবেদনকাৰীয়ে এই কথাও উল্লেখ কৰিছিল যে, চোৰাং চিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বাবে বন বিষয়াৰ বিৰুদ্ধেহে গোচৰ ৰুজু কৰা হৈছে ৷

বিচাৰক মণ্ডলীয়ে কয় যে, আদালতে বৰ্তমান কোনো নিৰ্দেশ জাৰী কৰিব নোৱাৰে যিহেতু এই বিষয়টো অপৰাধ আদালতে চোৱা-চিতা কৰে ৷ আধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত চোৰাং চিকাৰীৰ বিৰুদ্ধে কি গোচৰ ৰুজু কৰিব পাৰি সেই সম্পৰ্কত জ্ঞাত নহয় বুলি বিচাৰক মণ্ডলীয়ে কয় ৷

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, এডিএন ৰাও আৰু শ্যাম দিভানে কয় যে, বন আৰু ইয়াৰ সুৰক্ষাৰ দায়িত্বত থকা লোকসকলৰ প্ৰতিৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এক যুটীয়া প্ৰতিবেদন দাখিল কৰিব ৷ আনহাতে, ঘটনা সম্পৰ্কত পৰৱৰ্তী শুনানি চাৰি সপ্তাহলৈ পিছুওৱা হৈছে ৷

লগতে পঢ়ক : ৰাজ্যজুৰি 10 জানুৱাৰীত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক টেট

For All Latest Updates

TAGGED:

S A Bobde
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.