নিউজ ডেস্ক, ২৭ জুনঃ কয়লা খননত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ (FDI)ৰ অনুমতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক পুনৰ বিবেচনা কৰি চাবলৈ আহ্বান জনাই মমতা বেনাৰ্জীয়ে ।
![মমতা বেনাৰ্জী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7788431_709_7788431_1593247932474.png)
মমতা বেনাৰ্জীয়ে বৃস্পতিবাৰে পত্ৰযোগে লিখে যে, মই এই নীতিগত ঘোষণাৰ বিষয়ে কঠোৰভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলো । এই নীতিয়ে "Foreign Direct Investment" (FDI)আনিব নোৱাৰে ।
মমতা বেনাৰ্জীয়ে কয়লা মন্ত্ৰণালয়ে ৰাজ্যৰ চাৰিটা সহায়ক কোম্পানীৰ অফিচ ৰাজ্যৰ পৰা অন্য স্থানলৈ স্থানন্তৰিত কৰাৰ পদক্ষেপক এটি আকস্মিক সিদ্ধান্ত হিচাপে বৰ্ণনা কৰাৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই সন্দৰ্ভত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাই ।