ETV Bharat / bharat

আশাৰ ৰেঙনি ! কৰ'ণা ভাইৰাছক পৰাস্ত কৰিলে 45 দিনীয়া শিশুয়ে

author img

By

Published : May 30, 2020, 5:01 PM IST

কৰ'ণা ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠিল 45 দিনীয়া এটি শিশু ৷ ইয়াৰোপৰি, শিশুগৰাকীৰ মগজুৰ অস্ত্ৰোপচাৰ কৰা হৈছিল ৷ বৰ্তমান আৰোগ্য লাভ কৰা শিশুটি চিকিৎসালয়ৰ পৰা আৰোগ্য লাভ কৰিছে ৷

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছক পৰাস্ত কৰিলে 45 দিনীয়া শিশুয়ে

নেশ্যনেল ডেস্ক, 30 মে': COVID-19 ৰ পৰা আৰোগ্য হৈ উঠিছে এটি 45 দিনীয়া শিশু ৷ ইয়াৰোপৰি শিশুটিৰ মস্তিস্কৰ অস্ত্ৰোপচাৰো কৰা হয় ৷ বৰ্তমান শিশুটি আৰোগ্য হৈ উঠাত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয় ৷ ছিয়ন হাস্পতালত চিকিৎসাধীন হৈ থকা শিশুটি আৰোগ্য হৈ উঠাৰ ফলত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয় ৷

কৰ'ণা ভাইৰাছ মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বজুৰি লাখ লাখ লোকে প্ৰাণ হেৰুওৱাৰ সময়তে শিশুটিৰ আৰোগ্য হৈ উঠাৰ বাতৰিয়ে সকলোকে আনন্দ প্ৰদান কৰিছে ৷ তথ্য অনুসৰি, নৱজাতক শিশুটিক 13 মে'ৰ দিনা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ ইয়াৰ দুদিনৰ পাচতে শিশুটি কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি চিকিৎসকে জানিবলৈ দিছিল ৷ ইয়াৰ পাচতে তেওঁৰ বিভিন্ন পৰীক্ষা কৰাৰ লগতে CT স্কেন কৰা হৈছিল ৷ CT স্কেনত ধৰা পৰিছিল যে, তেওঁৰ মগজুত তেজৰ চেকুৰা জমা হৈছে ৷

ইয়াৰ পাচতে 18 মে'ৰ দিনা তেওঁৰ মগজুৰ অস্ত্ৰোপচাৰ কৰা হৈছিল ৷ ইয়াৰ পাচতে আৰোগ্য হৈ উঠাৰ লগতে কৰ'ণা ভাইৰাছ নেগেটিভ বুলিও ঘোষণা কৰাৰ পাচত শিশুগৰাকীক দহ দিনৰ অন্তত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয় ৷ এই চিকিৎসাৰ পাচতে চিকিৎসক সকলেও নিজকে 14 দিনৰ বাবে কোৱাৰান্টাইনত ৰাখে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এটি দুমহীয়া শিশু কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.