ETV Bharat / bharat

উৰিষ্যাত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ কেমেলিয়ন

author img

By

Published : Jun 28, 2020, 4:54 PM IST

উৰিষ্যাত এটা যুৱ ক্লাৱৰ কেইগৰাকীমান সদস্যই নদীৰ পাৰত উদ্ধাৰ কৰে এক দুষ্প্ৰাপ্য প্ৰজাতিৰ কেমেলিয়ন ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ সহযোগত ইয়াক সমীপৰ বননিত মুকলি কৰি দিয়া হয় ৷

Rare species of chameleon rescued in Odisha
উৰিষ্যাত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ কেমেলিয়ন

নিউজ ডেস্ক, 28 জুন : উৰিষ্যাৰ জাজপুৰ জিলাৰ গোবিন্দপুৰ গাঁৱত উদ্ধাৰ হৈছে এক দুষ্প্ৰাপ্য প্ৰজাতিৰ কেমেলিয়ন ৷ গাঁৱখনৰ কাষত থকা এখন নদীৰ পাৰত স্থানীয় যুৱকে উদ্ধাৰ কৰে দুষ্প্ৰাপ্য প্ৰজাতিৰ কেমেলিয়নটো ৷ উল্লেখ্য যে, ভাৰতত অতিকে দুষ্প্ৰাপ্য এইটো প্ৰজাতিৰ কেমেলিনয়টো স্থানীয় যুৱকসকলে বন বিভাগক চমজাই দিয়ে ৷ উৰিষ্যাৰ বন বিভাগে পৰৱৰ্তী সময়ত স্থানীয় বননিত কেমেলিয়নটো মুকলি কৰি দিয়ে ৷

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে কেমেলিয়নৰ প্ৰায় 202 বিধ প্ৰজাতি আছে আৰু ইয়াক বৰ্ষাৰণ্যৰ পৰা আৰম্ভ কৰি মৰুভূমিলৈকে পোৱা যায় ৷ আফ্ৰিকা, মাডাগাস্কাৰ, দক্ষিণ ইউৰোপ, দক্ষিণ এছিয়াৰ লগতে শ্ৰীলংকাত ইয়াৰ বহুকেইটা বিশেষ প্ৰজাতিয়ে বাস কৰে ৷ হাৱাই, কেলিফৰ্ণিয়া আৰু ফ্লৰিডাত ইয়াক ঘৰচীয়া হিচাপেও পালন কৰা হয় যদিও বেছিভাগ সময় বননিত থাকিয়ে জীৱন পাৰ কৰে প্ৰকৃতিৰ অনবদ্য উপহাৰ থকা দেখিবলৈ খুব ধুনীয়া কেমেলিয়নে ৷

কেমেলিয়নক ইয়াৰ গাৰ বৰণ সলনি কৰা, দীঘল জিভা, মুৰত থকা বিশেষ আকৃতি তথা ইয়াৰ চকুৰ বিশেষত্বৰ বাবে জনা যায় ৷ উৰিষ্যাত উদ্ধাৰ কৰা কেমেলিয়নটোৰ গাৰ বৰণ সেউজীয়া আৰু ই অতিকে দুষ্প্ৰাপ্য প্ৰজাতিৰ বুলি স্থানীয় বন বিভাগে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ ৰাজ্যত বানত ক্ষতিগ্ৰস্ত 20 খন জিলাৰ প্ৰায় 4.6 লক্ষাধিক লোক: মৃত্যু 18 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.