১৮আগষ্ট,গুৱাহাটীঃ সমগ্ৰ দেশ তথা ৰাজ্যত কৰ'ণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। বিধ্বংসী বানে সংহাৰ চলোৱাৰ পিছত এতিয়া কৰ'ণা ভাইৰাচৰ সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যত।

ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া জে.চি মণ্ডলে। গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছিল বনাঞ্চলিক বিষয়াগৰাকী।

শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল মঙলবাৰে মৃত্যু হোৱা জে.চি মণ্ডল । এতিয়াও ক'ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ ৯ জন বনকৰ্মী।