ৰাঞ্চী, 24 জুনঃ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে চমন জাৰি ৰাঁচীৰ এক আদালতৰ ৷ আদালতৰ ন্যায়াধীশ বিপুল কুমাৰে সোমবাৰে জাৰি কৰে এই চমন ৷
দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদী দখল কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক চোৰ বুলি আখ্যা কৰাৰ বাবে ৰুজু কৰা এক গোচৰৰ শুনানিত এই ৰায় আদালতৰ ৷ লগতে, আগন্তুক 3 জুলাইত ৰাহুল গান্ধীক নিজৰ সপক্ষে বক্তব্য আগবঢ়াবলৈও আদেশ দিয়ে আদালতে ৷