নেশ্বনেল ডেস্ক, 9 নৱেম্বৰ : অযোধ্যা ৰায়দানৰ পাচতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালক সাক্ষাৎ কৰে বাবা ৰামদেৱ, স্বামী পৰমাত্মানন্দ আৰু বহুকেইগৰাকী হিন্দু নেতাই ৷ দোভালৰ বাসগৃহত শনিবাৰে তেওঁক সাক্ষাৎ কৰিবলৈ উপস্থিত হয় এই ব্যক্তিসকল ৷
দোভালৰ সৈতে মিলিত হোৱাৰ পাচতে স্বামী পৰমাত্মানন্দে মন্তব্য কৰে, "দেশত শান্তি বৰ্তাই ৰাখিবৰ বাবে এই সাক্ষাৎ কৰা হয় ৷ ৰায়দানৰ পাচত কোনো এটা পক্ষই এয়া জয়-পৰাজয় বুলি ভাবিব নালাগে ৷" লগতে তেওঁ কয়, "আমি ৰায়দানত সন্তুষ্ট ৷ উচ্চতম ন্যায়ালয়ে মুছলিম ধৰ্মাৱলম্বী লোকসকলকো ভূমি প্ৰদান কৰাটো এটা ভাল পদক্ষেপ ৷"
উল্লেখ্য যে, শনিবাৰে দিনৰ 10.30 বজাত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া বিচাৰকৰ দলে অযোধ্যাৰ বিতৰ্কিত গোচৰৰ ৰায়দান কৰে ৷ ৰায়দান অনুসৰি, বিবাদিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণ কৰা হ'ব আৰু মছজিদ নিৰ্মাণ কৰিবৰ বাবে 5 একৰ ভূমি প্ৰদান কৰা হ'ব ৷
পাঁচজনীয়া বিচাৰকৰ দলত আছিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, এছ. এ. ববডে, দি. ৱাই চন্দ্ৰচুদ, অশোক ভূষণ আৰু এছ. আব্দুল নাজিৰ ৷ 40 দিনীয়া শুনানিৰ অন্তত ৰাম জন্মভূমি-বাবৰি মছজিদ গোচৰৰ চূড়ান্ত ৰায়দান কৰে এই পাঁচজনীয়া বিচাৰকৰ দলটোৱে ৷