ETV Bharat / bharat

কৰ'ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে - মহামাৰী

কেন্দ্ৰীয় সামাজিক ন্যায় ৰাজ্য মন্ত্ৰী ৰামদাস আঠাৱালে কৰ'ণাত আক্ৰান্ত। ৰায়গড়ৰ কংগ্ৰেছৰ সাংসদ সুনীল তত্কৰেৰ দেহতো ধৰা পৰিছে COVID-19ৰ উপস্থিতি।

কেন্দ্ৰীয় সামাজিক ন্যায় ৰাজ্য মন্ত্ৰী ৰামদাস আঠাৱালে কৰ'ণা আক্ৰান্ত

author img

By

Published : Oct 27, 2020, 5:12 PM IST

নেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ: মহামাৰীৰ কবলৰ পৰা ৰক্ষা নপৰিল কেন্দ্ৰীয় সামাজিক ন্যায় ৰাজ্য মন্ত্ৰী ৰামদাস আঠাৱালে। ছ'ছিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। ৬০ বছৰীয়া আঠৱালেই সোমবাৰে মুম্বাইত অনুষ্ঠিত দলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। অভিনেত্ৰী পায়েল ঘোষ, সোনী কনিষ্ক, অধিবক্তা নীতিন চতপুৰে, যোগেশ কৰকেৰা, ব্যৱসায়ী অংকুশ চাপেকাৰে এই অনুষ্ঠানতে ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়াত যোগদান কৰিছিল।

আনহাতে, ৰাজ্য মন্ত্ৰী অদিতি তত্কৰেৰ পিতৃ সুনীল তত্কৰেও COVID-19ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে। প্ৰথম অৱস্থাত তেওঁ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জনাইছিল যদিও পিছত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। দুয়োগৰাকী নেতাই ছ'ছিয়েল মিডিয়াযোগে কৰ'ণাত আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ সম্পৰ্কলৈ অহা লোকসকলক পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছিল।

একেটা সপ্তাহতে উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসসহ বেংকৰ আন কেইবাগৰাকীও কৰ'ণাত আক্ৰান্ত হয়। বৰ্তমান তেওঁলোকৰ চিকিত্সকৰ তত্বাৱধানত আছে।

লগতে পঢ়ক:মতবিৰোধক ইচ্ছাকৃতভাৱে সন্ত্ৰাসবাদ হিচাপে দমন কৰা হৈছে : ছোনিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.