ETV Bharat / bharat

ৰাজ্যসভা-যুক্তৰাষ্ট্ৰীয় আদৰ্শৰ পুনৰুজ্জীৱিতকৰণ - ডিবেট, ডিচেণ্ট এণ্ড ডিচকাশ্যন

ৰাজ্যসভাৰ ইতিহাসৰ পাত লুটিয়ালে আমি পাওঁ যে ১৯৫২ চনৰ মে’ত ৰাজ্যসভাৰ প্ৰথম অধিবেশনত সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে উল্লেখ কৰিছিল-“কেৱল বিধেয়ক আৰু আইন গৃহীত কৰিবলৈ সংসদ নহয়, ই দেশৰ সকলো নেতা আৰু প্ৰতিনিধিৰ বাবে আলোচনা আৰু সৌহাদ্যপূৰ্ণ সিদ্ধান্তত উপনীত হোৱাৰ এক উমৈহতীয়া মঞ্চ” । তেওঁ আৰু কৈছিল যে দেশৰ সকলো নাগৰিকৰ মাজত শান্তিপূৰ্ণ আৰু ঐক্যবদ্ধ সহাৱস্থানৰ বাবে শাসক-বিৰোধী নিৰ্বিশেষে ৰাজ্যসভাৰ সকলো সদস্যই এক হৈ কাম কৰিব লাগে । লগতে পঢ়কঃ প্ৰতিবাদত নামিল মণিপুৰ সংসদত পুনৰ CAB উত্থাপনক লৈ প্ৰতিবাদত নামিল মণিপুৰ

ৰাজ্যসভা-যুক্তৰাষ্ট্ৰীয় আদৰ্শৰ পুনৰুজ্জীৱিতকৰণ
author img

By

Published : Nov 19, 2019, 5:30 PM IST

Updated : Nov 19, 2019, 6:23 PM IST

২০১৯ চনৰ ১৮ নৱেম্বৰৰ পৰা সংসদৰ উচ্চ সদনৰ বছৰেকীয়া শীতকালীন অধিবেশন আৰম্ভ হৈছে । এই অধিৱেশনৰ বিশেষত্ব এয়ে যে ১৯৫২ চনত প্ৰথমখন অধিবেশনৰ পাছত ভাৰতীয় গণৰাজ্যৰ সাতটা দশকৰ ইতিহাসত এয়া ৰাজ্যসভাৰ ২৫০সংখ্যক অধিবেশন। পৃথিৱীৰ মুঠ জনসংখ্যাৰ এক সপ্তমাংশই ভাৰতবৰ্ষৰ । ৰাজ্যসভাত গৃহীত সিদ্ধান্তৰ দ্বাৰাই এইসকল নাগৰিক শাসিত বা পৰিচালিত হয় । সেয়ে দেশখন সুচাৰুৰূপে চলোৱাৰ বাবে বিভিন্ন ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাত উচ্চ সদনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

RAJYA SABHA  A FEDERAL SPIRIT REKINDLED
ভাৰতীয় গণৰাজ্যৰ সাতটা দশকৰ ইতিহাস

সদনত গৃহীত যিকোনো সিদ্ধান্তই সমগ্ৰ দেশৰ সামাজিক-অৰ্থনৈতিক অৱস্থাৰ ওপৰত প্ৰভাৱ পেলায় । সেয়ে সংবিধান প্ৰণেতাসকলে উচ্চ আৰু নিম্ন সদন অৰ্থাৎ লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যাৱলী স্পষ্টকৈ নিৰ্ধাৰণ কৰিছে । পাঁচ বছৰৰ বাবে লোকসভাৰ সদস্যসকলক জনতাই নিৰ্বাচিত কৰে যদিও ইয়াৰ পূৰ্বে লোকসভা ভংগ হ’ব পাৰে কিন্তু এবাৰৰ বাবে ৰাজ্যসভাৰ সদস্যসকল নিৰ্বাচিত বা মনোনীত হ’লে তেওঁলোকৰ সমস্ত কাৰ্যকাল কোনো বাধা নোহোৱাকৈ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব পাৰে। পৃথিৱীৰ অন্যতম বৃহৎ গণতান্ত্ৰিক দেশখনৰ সংবিধান প্ৰণয়ন কৰোতে ডঃ বি আৰ আম্বেদকাৰৰ দৰে দূৰদৰ্শী পণ্ডিতে এই দিশসমূহ সন্নিবিষ্ট কৰিছিল ।

ৰাজ্যসভাৰ ইতিহাসৰ পাত লুটিয়ালে আমি পাওঁ যে ১৯৫২ চনৰ মে’ত ৰাজ্যসভাৰ প্ৰথম অধিবেশনত সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে উল্লেখ কৰিছিল-“কেৱল বিধেয়ক আৰু আইন গৃহীত কৰিবলৈ সংসদ নহয়, ই দেশৰ সকলো নেতা আৰু প্ৰতিনিধিৰ বাবে আলোচনা আৰু সৌহাদ্যপূৰ্ণ সিদ্ধান্তত উপনীত হোৱাৰ এক উমৈহতীয়া মঞ্চ” । তেওঁ আৰু কৈছিল যে দেশৰ সকলো নাগৰিকৰ মাজত শান্তিপূৰ্ণ আৰু ঐক্যবদ্ধ সহাৱস্থানৰ বাবে শাসক-বিৰোধী নিৰ্বিশেষে ৰাজ্যসভাৰ সকলো সদস্যই এক হৈ কাম কৰিব লাগে ।

RAJYA SABHA  A FEDERAL SPIRIT REKINDLED
১৯৫২ চনৰ মে’ত ৰাজ্যসভাৰ প্ৰথম অধিবেশন

উচ্চ আৰু নিম্ন সদনে দেশ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। অৱশ্যে ৰাজ্যসভা গঠনৰ দুবছৰ পাছতে অৰ্থাৎ ১৯৫৪ চনত আৰু ১৯৭৩ চনত ইয়াৰ নামক লৈ সমালোচনাৰ সন্মুখীন হৈছিল । এই দুয়োবাৰৰ লগতে ১৯৭১,১৯৭২,১৯৭৫ আৰু ১৯৮১ চনত নামক লৈ অভিযোগ উত্থাপন হ’লেও সেই অভিযোগ প্ৰতিবাৰে লোকসভাই নাকচ কৰিছে ।

যদিও বিভিন্ন সময়ত ৰাজ্যসভা আৰু লোকসভাৰ মতবিৰোধ থাকে, দেশৰ উন্নয়ন তথা গণতান্ত্ৰিক প্ৰমূল্যবোধৰ স্বাৰ্থত দুয়োখন সদনে একতা অক্ষুণ্ণ ৰাখি আহিছে । সেয়ে কোনো বিল বা আইন লোকসভাত গৃহীত হোৱাৰ পাছত আনুপাতিক প্ৰতিনিধিত্ব থকা ৰাজ্যসভাৰ সদস্যসকলৰ মাজত আলোচনা হ’ব লাগে আৰু দেশৰ স্বাৰ্থত উমৈহতীয়া সিদ্ধান্তত উপনীত হ’ব লাগে ।

লগতে পঢ়কঃকংগ্ৰেছে CAB ৰ বিৰোধিতা কৰি লাভ নাই কিয়নো অসমীয়াই বিজেপিকে ভোট দি জয়ী

প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মতে সংসদৰ গৰিমা অক্ষুণ্ণ নাৰাখিলে দেশৰ গণতন্ত্ৰৰ পতন হোৱাটো নিশ্চিত । কিন্তু বৰ্তমান সময়ত সংসদৰ কাৰ্য প্ৰণালী লক্ষ্য কৰিলে দেখা যায় যে যি আদৰ্শ আৰু নীতিৰে পৱিত্ৰ সদন প্ৰতিষ্ঠা কৰা হৈছিল সেইসমমূহ নীতি সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি অহা হৈছে । এই কথাৰ প্ৰমাণ বহুবাৰ পোৱা গৈছে । আনকি এবাৰ এক অধিবেশনত আলোচনাকালত প্ৰাক্তন অধ্যক্ষ শংকৰ দয়াল শৰ্মাই চলচলীয়া চকুৰে সদনৰ হুলস্থূলীয়া পৰিৱেশ নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ বাবে নিজৰ অক্ষমতা প্ৰকাশ কৰিবলগীয়া হৈছিল ।

ৰাষ্ট্ৰপতি হিচাপে অৱসৰ গ্ৰহণ কৰা প্ৰণৱ মুখাৰ্জীয়ে বিগত বৰ্ষত কৈছিল যে ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে তেওঁ সদনত প্ৰৱেশ কৰাৰ পাছৰে পৰা প্ৰসিদ্ধ সাংসদ যেনে জ্ঞান আৰু প্ৰজ্ঞাৰ বাবে জনাজাত পি ভি নৰসিমহাৰাও, বাক পটুতাৰ বাবে শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ী, আকৰ্ষণীয় ব্যক্তিত্বৰে বিশেষ মাধুলীময় আৰু ড০ নাথপাই, পীলু মোডীৰ খুহুতীয়া স্বভাৱ, ইন্দ্ৰজিত গুপ্তাৰ গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়াবোৰৰ লগতে আন বহুজনৰ পৰা তেওঁ এই দীৰ্ঘ সময়ছোৱাত যথেষ্ট কথা শিকাৰ সুযোগ লাভ কৰিছে । এসময়ত তেনে বহু বিদগ্ধ আৰু সকলোৰে শ্ৰদ্ধাৰ ব্যক্তিত্বৰে সমৃদ্ধ সংসদে বৰ্তমান অনৰ্থক কিছু বিতৰ্ক বা আলোচনাৰ বাবে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে । এইবোৰ আলোচনাৰ অধিকাংশই ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত যিবোৰে প্ৰকৃত উদ্দেশ্য বা ফলাফল লাভত সহায় নকৰে । প্ৰকৃততে ৩ডি ফৰ্মূলাৰে সংসদ পৰিচালিত হ’ব লাগে, এই ৩ ডি ফৰ্মূলা হৈছে-ডিবেট, ডিচেণ্ট এণ্ড ডিচকাশ্যন অৰ্থাৎ বিতৰ্ক, মতভেদ আৰু আলোচনা । কিন্তু শেহতীয়াকৈ চতুৰ্থটো ডি সংযোজিত হৈ ডিছৰাপশ্যন অৰ্থাৎ সংসদৰ কামকাজ স্তব্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইয়াৰ ফলত দুয়োখন সদনৰ কামকাজ পৰিচালনাত বহু অস্থিৰতাৰ সৃষ্টি হৈছে ।

লগতে চাওকঃ ছিংগাপুৰৰ চেমবাৱাং বায়ুসেনা চাউনীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

উচ্চ সদনৰ বিগত অধিবেশন ৩৫ দিনৰ বাবে বহিছিল আৰু এই কালছোৱাত ৩২খন বিধেয়ক গৃহীত হৈছিল । উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ মতে বিগত ১৭ বছৰৰ ৰাজ্যসভাৰ ৫২খন অধিবেশনৰ ভিতৰত এয়া আছিল সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন । ইয়াতে ৰাজ্যসভাৰ প্ৰাক্তন অধ্যক্ষ কে আৰ নাৰায়ণৰ মন্তব্য শ্ৰদ্ধাৰে উল্লেখ কৰিব লাগিব । তেওঁ কৈছিল যে ৰাজ্যসভা হৈছে জনসাধাৰণৰ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধিত্বৰ সমাবেশ । সেয়ে ইয়াৰ সদস্যসকলৰ মাজত আত্মনিয়ন্ত্ৰণ বা সংযম থকাটো বৰ জৰুৰী ।

ভাৰতীয় সংবিধানৰ ৭৫(৩) অনুচ্ছেদ মতে লোকসভাৰ প্ৰতিহে চৰকাৰ দায়বদ্ধ বা উত্তৰ দিবলৈ বাধ্য, ৰাজ্যসভাৰ প্ৰতি নহয় । যিবোৰ ক্ষেত্ৰত ৰাজ্যসভাৰ প্ৰতি চৰকাৰ দায়বদ্ধ হয়, সেইবোৰ ক্ষেত্ৰতো ৰাজ্যসভাই চৰকাৰৰ অস্তিত্বৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে। ৰাজ্যসভাত যেতিয়া শাসকীয় দলৰ সংখ্যাগৰিষ্ঠতা নাথাকে তেতিয়া দুয়োখন সদনৰ মাজত সাংবিধানিক অনিশ্চয়তাৰ সৃষ্টি হয় । ইয়াৰ ফলত কেতিয়াবা দুয়োখন সদনৰ মাজত মতভেদৰো সৃষ্টি হয় । তেনে সময়ত উত্থাপিত এখন বিধেয়কৰ ওপৰত কোনো সিদ্ধান্তত উপনীত নোহোৱাটো নিশ্চিত যিয়ে সদনৰ কামকাজ স্তব্ধ কৰে আৰু সমগ্ৰ দেশবাসীৰ মনত এক নেতিবাচক প্ৰতিচ্ছবি দাঙি ধৰে । যেতিয়া এটা দলে ৰাইজৰ মাজত শ্ৰদ্ধা আৰু আস্থা লাভ কৰে, তেতিয়া ইয়াৰ সদস্যসকলে সংসদৰ ভিতৰে-বাহিৰে ইয়াৰ নীতি-নিয়মসমূহ তথা আচৰণবিধি মানি চলাটো উচিত । এইক্ষেত্ৰত দলসমূহ যিমান পাৰে কঠোৰ হ’ব লাগে । এই কথা বহু সময়ত আমাৰ উপ-ৰাষ্ট্ৰপতিয়ে দোহাৰি আহিছে । সদস্যসকলে পালন কৰিবলগীয়া আচৰণবিধি ৰাজ্যসভাই নিজেই নিৰ্ধাৰণ কৰিছে । যদিও এখন চৰকাৰৰ অস্তিত্ব লোকসভাৰ আস্থাৰ ওপৰতেই নিৰ্ভৰশীল, বহু স্বনামধন্য নেতা যেনে ইন্দিৰা গান্ধী, দেৱগৌড়া, গুজৰাল, মনমোহন সিং আদিয়ে ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হৈ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল ।

২০০৫ চনত যেতিয়া কিছুসংখ্যক সদস্য দুৰ্নীতিৰ সৈতে জড়িত আছিল তেতিয়া এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল আৰু সদনৰ কাম কাজত ব্যাঘাত জন্মিছিল । ইয়াৰ ফলত বহু প্ৰস্তাৱিত বিধেয়ক বা আইনৰ অৱস্থা দোদুল্যমান হৈ পৰিছিল । অৱশ্যে দুয়োখন সদনে সৌহাদ্যপূৰ্ণভাৱে সমাধান সূত্ৰ উলিয়াইছিল আৰু তেনে সাংসদ সকলক বহিষ্কাৰ কৰা হৈছিল । এনেবোৰ ক্ষেত্ৰত ব্ৰিটেইনৰ দৰে দেশত গ্ৰহণ কৰা অনুৰূপ পদ্ধতি কাৰ্যকৰী কৰি ব্যৱস্থাটোক অধিক শক্তিশালী কৰিব লাগে। দলসমূহে এনে লোকক উচ্চ সদনৰ বাবে মনোনীত কৰিব লাগে যিয়ে সদনত শান্তি আৰু একতাৰ পথিকৃত হিচাপে কাম কৰাৰ লগতে দেশৰ বিকাশত অৱদান আগবঢ়াব পাৰে । লগতে প্ৰতিজন সদস্যই তেওঁলোকৰ সংযম বা অনুশাসনত গুৰুত্ব প্ৰদান কৰাটো জৰুৰী যাতে ৰাজ্যসভাৰ সন্মান অটুত থাকে । এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উচ্চ সদনৰ ২৫০ সংখ্যক অধিৱেশনক সম্বোধি কোৱা এই কথাষাৰ প্ৰাসংগিক-ৰাজ্যসভা চিৰস্থায়ী, মাথো সাংসদসকলহে এজন আহিব,আনজন যাব” ।

লগতে পঢ়কঃ কেবৰ বিৰুদ্ধে এইবাৰ ৰাজপথত বাওপন্থী দল

Intro:Body:

RAJYA SABHA – A FEDERAL SPIRIT REKINDLED!!

ৰাজ্যসভা-যুক্তৰাষ্ট্ৰীয় আদৰ্শৰ পুনৰুজ্জীৱিতকৰণ

২০১৯ চনৰ ১৮ নৱেম্বৰৰ পৰা সংসদৰ উচ্চ সদনৰ বছৰেকীয়া শীতকালীন অধিৱেশন আৰম্ভ হৈছে । এই অধিৱেশনৰ বিশেষত্ব এয়ে যে ১৯৫২ চনত প্ৰথমখন অধিৱেশনৰ পাছত ভাৰতীয় গণৰাজ্যৰ সাতটা দশকৰ ইতিহাসত এয়া ৰাজ্যসভাৰ ২৫০সংখ্যক অধিৱেশন । পৃথিৱীৰ মুঠ জনসংখ্যাৰ এক সপ্তমাংশই ভাৰতবৰ্ষৰ । ৰাজ্যসভাত গৃহীত সিদ্ধান্তৰ দ্বাৰাই এইসকল নাগৰিক শাসিত বা পৰিচালিত হয় । সেয়ে দেশখন সুচাৰুৰূপে চলোৱাৰ বাবে বিভিন্ন ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাত উচ্চ সদনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

সদনত গৃহীত যিকোনো সিদ্ধান্তই সমগ্ৰ দেশৰ সামাজিক-অৰ্থনৈতিক অৱস্থাৰ ওপৰত প্ৰভাৱ পেলায় । সেয়ে সংবিধান প্ৰণেতাসকলে উচ্চ আৰু নিন্ম সদন অৰ্থাৎ লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যাৱলী স্পষ্টকৈ নিৰ্ধাৰণ কৰিছে । পাঁচ বছৰৰ বাবে লোকসভাৰ সদস্যসকলক জনতাই নিৰ্বাচিত কৰে যদিও ইয়াৰ পূৰ্বে লোকসভা ভংগ হ’ব পাৰে কিন্তু এবাৰৰ বাবে ৰাজ্যসভাৰ সদস্যসকল নিৰ্বাচিত বা মনোনীত হ’লে তেওঁলোকৰ সমস্ত কাৰ্যকাল কোনো বাধা নোহোৱাকৈ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব পাৰে । পৃথিৱীৰ অন্যতম বৃহৎ গণতান্ত্ৰিক দেশখনৰ সংবিধান প্ৰণয়ন কৰোঁতে ড০ বি আৰ আম্বেদকাৰৰ দৰে দূৰদৰ্শী পণ্ডিতে এই দিশসমূহ সন্নিবিষ্ট কৰিছিল ।

ৰাজ্যসভাৰ ইতিহাসৰ পাত লুটিয়ালে আমি পাওঁ যে ১৯৫২ চনৰ মে’ত ৰাজ্যসভাৰ প্ৰথম অধিৱেশনত সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনে উল্লেখ কৰিছিল-“কেৱল বিধেয়ক আৰু আইন গৃহীত কৰিবলৈ সংসদ নহয়, ই দেশৰ সকলো নেতা আৰু প্ৰতিনিধিৰ বাবে আলোচনা আৰু সৌহাৰ্দ্যপূৰ্ণ সিদ্ধান্তত উপনীত হোৱাৰ এক উমৈহতীয়া মঞ্চ” । তেওঁ আৰু কৈছিল যে দেশৰ সকলো নাগৰিকৰ মাজত শান্তিপূৰ্ণ আৰু ঐক্যবদ্ধ সহাবস্থানৰ বাবে শাসক-বিৰোধী নিৰ্বিশেষে ৰাজ্যসভাৰ সকলো সদস্যই এক হৈ কাম কৰিব লাগে ।

উচ্চ আৰু নিম্ন সদনে দেশ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । অৱশ্যে ৰাজ্যসভা গঠনৰ দুবছৰ পাছতে অৰ্থাৎ ১৯৫৪ চনত আৰু ১৯৭৩ চনত ইয়াৰ নামকলৈ সমালোচনাৰ সন্মুখীন হৈছিল । এই দুয়োবাৰৰ লগতে ১৯৭১, ১৯৭২, ১৯৭৫ আৰু ১৯৮১ চনত নামকলৈ অভিযোগ উত্থাপন হ’লেও সেই অভিযোগ প্ৰতিবাৰে লোকসভাই নাকচ কৰিছে ।

যদিও বিভিন্ন সময়ত ৰাজ্যসভা আৰু লোকসভাৰ মতবিৰোধ থাকে, দেশৰ উন্নয়ন তথা গণতান্ত্ৰিক প্ৰমূল্যবোধৰ স্বাৰ্থত দুয়োখন সদনে একতা অক্ষুণ্ন ৰাখি আহিছে । সেয়ে কোনো বিল বা আইন লোকসভাত গৃহীত হোৱাৰ পাছত আনুপাতিক প্ৰতিনিধিত্ব থকা ৰাজ্যসভাৰ সদস্যসকলৰ মাজত আলোচনা হ’ব লাগে আৰু দেশৰ স্বাৰ্থত উমৈহতীয়া সিদ্ধান্তত উপনীত হ’ব লাগে ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মতে সংসদৰ গৰিমা অক্ষুণ্ন নাৰাখিলে দেশৰ গণতন্ত্ৰৰ পতন হোৱাটো নিশ্চিত । কিন্তু বৰ্তমান সময়ত সংসদৰ কাৰ্য প্ৰণালী লক্ষ্য কৰিলে দেখা যায় যে যি আদৰ্শ আৰু নীতিৰে পৱিত্ৰ সদন প্ৰতিষ্ঠা কৰা হৈছিল সেইসমমূহ নীতি সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি অহা হৈছে । এই কথাৰ প্ৰমাণ বহুবাৰ পোৱা গৈছে । আনকি এবাৰ এক অধিৱেশনত আলোচনাকালত প্ৰাক্তন অধ্যক্ষ শংকৰ দয়াল শৰ্মাই চলচলীয়া চকুৰে সদনৰ হুলস্থূলীয়া পৰিৱেশ নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ বাবে নিজৰ অক্ষমতা প্ৰকাশ কৰিবলগীয়া হৈছিল ।

ৰাষ্ট্ৰপতি হিচাপে অৱসৰ গ্ৰহণ কৰা প্ৰণৱ মুখাৰ্জীয়ে বিগত বৰ্ষত কৈছিল যে ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে তেওঁ সদনত প্ৰৱেশ কৰাৰ পাছৰে পৰা প্ৰসিদ্ধ সাংসদ যেনে জ্ঞান আৰু প্ৰজ্ঞাৰ বাবে জনাজাত পি ভি নৰসিমহাৰাও, বাক পটুতাৰ বাবে শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ী, আকৰ্ষণীয় ব্যক্তিত্বৰে বিশেষ মাধুলীমই আৰু ড০ নাথপাই, পীলু মোডীৰ খুহুতীয়া স্বভাৱ, ইন্দ্ৰজিত গুপ্তাৰ গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়াবোৰৰ লগতে আন বহুজনৰ পৰা তেওঁ এই দীৰ্ঘ সময়ছোৱাত যথেষ্ট কথা শিকাৰ সুযোগ লাভ কৰিছে । এসময়ত তেনে বহু বিদগ্ধ আৰু সকলোৰে শ্ৰদ্ধাৰ ব্যক্তিত্বৰে সমৃদ্ধ সংসদে বৰ্তমান অনৰ্থক কিছু বিতৰ্ক বা আলোচনাৰ বাবে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে । এইবোৰ আলোচনাৰ অধিকাংশই ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত যিবোৰে প্ৰকৃত উদ্দেশ্য বা ফলাফল লাভত সহায় নকৰে । প্ৰকৃততে ৩ডি ফৰ্মূলাৰে সংসদ পৰিচালিত হ’ব লাগে, এই ৩ ডি ফৰ্মূলা হৈছে-ডিবেট, ডিচেণ্ট এণ্ড ডিচকাশ্যন অৰ্থা বিতৰ্ক, মতভেদ আৰু আলোচনা । কিন্তু শেহতীয়াকৈ চতুৰ্থটো ডি সংযোজিত হৈ ডিছৰাপশ্যন অৰ্থাৎ সংসদৰ কামকাজ স্তব্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইয়াৰ ফলত দুয়োখন সদনৰ কামকাজ পৰিচালনাত বহু অস্থিৰতাৰ সৃষ্টি হৈছে ।

উচ্চ সদনৰ বিগত অধিৱেশন ৩৫ দিনৰ বাবে বহিছিল আৰু এই কালছোৱাত ৩২খন বিধেয়ক গৃহীত হৈছিল । উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ মতে বিগত ১৭ বছৰৰ ৰাজ্যসভাৰ ৫২খন অধিৱেশনৰ ভিতৰত এয়া আছিল সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন । ইয়াতে ৰাজ্যসভাৰ প্ৰাক্তন অধ্যক্ষ কে আৰ নাৰায়ণৰ মন্তব্য শ্ৰদ্ধাৰে উল্লেখ কৰিব লাগিব । তেওঁ কৈছিল যে ৰাজ্যসভা হৈছে জনসাধাৰণৰ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধিত্বৰ সমাবেশ । সেয়ে ইয়াৰ সদস্যসকলৰ মাজত আত্ম নিয়ন্ত্ৰণ বা সংযম থকাটো বৰ জৰুৰী ।

ভাৰতীয় সংবিধানৰ ৭৫() অনুচ্ছেদমতে লোকসভাৰ প্ৰতিহে চৰকাৰ দায়বদ্ধ বা উত্তৰ দিবলৈ বাধ্য, ৰাজ্যসভাৰ প্ৰতি নহয় । যিবোৰ ক্ষেত্ৰত ৰাজ্যসভাৰ প্ৰতি চৰকাৰ দায়বদ্ধ হয়, সেইবোৰ ক্ষেত্ৰতো ৰাজ্যসভাই চৰকাৰৰ অস্তিত্বৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে । ৰাজ্যসভাত যেতিয়া শাসকীয় দলৰ সংখ্যাগৰিষ্ঠতা নাথাকে তেতিয়া দুয়োখন সদনৰ মাজত সাংবিধানিক অনিশ্চয়তাৰ সৃষ্টি হয় । ইয়াৰ ফলত কেতিয়াবা দুয়োখন সদনৰ মাজত মতভেদৰো সৃষ্টি হয় । তেনে সময়ত উত্থাপিত এখন বিধেয়কৰ ওপৰত কোনো সিদ্ধান্তত উপনীত নোহোৱাটো নিশ্চিত যিয়ে সদনৰ কামকাজ স্তব্ধ কৰে আৰু সমগ্ৰ দেশবাসীৰ মনত এক নেতিবাচক প্ৰতিচ্ছবি দাঙি ধৰে । যেতিয়া এটা দলে ৰাইজৰ মাজত শ্ৰদ্ধা আৰু আস্থা লাভ কৰে, তেতিয়া ইয়াৰ সদস্যসকলে সংসদৰ ভিতৰে-বাহিৰে ইয়াৰ নীতি-নিয়মসমূহ তথা আচৰণবিধি মানি চলাটো উচিত । এইক্ষেত্ৰত দলসমূহ যিমান পাৰে কঠোৰ হ’ব লাগে । এই কথা বহু সময়ত আমাৰ উপ-ৰাষ্ট্ৰপতিয়ে দোহাৰি আহিছে । সদস্যসকলে পালন কৰিবলগীয়া আচৰণবিধি ৰাজ্যসভাই নিজেই নিৰ্ধাৰণ কৰিছে । যদিও এখন চৰকাৰৰ অস্তিত্ব লোকসভাৰ আস্থাৰ ওপৰতেই নিৰ্ভৰশীল, বহু স্বনামধন্য নেতা যেনে ইন্দিৰা গান্ধী, দেৱগৌড়া, গুজৰাল, মনমোহন সিং আদিয়ে ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হৈ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল ।

২০০৫ চনত যেতিয়া কিছুসংখ্যক সদস্য দুৰ্নীতিৰ সৈতে জড়িত আছিল তেতিয়া এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল আৰু সদনৰ কামকাজত ব্যাঘাত জন্মিছিল । ইয়াৰ ফলত বহু প্ৰস্তাৱিত বিধেয়ক বা আইনৰ অৱস্থা দোদুল্যমান হৈ পৰিছিল । অৱশ্যে দুয়োখন সদনে সৌহাৰ্দযপূৰ্ণভাৱে সমাধানসূত্ৰ উলিয়াইছিল আৰু তেনে সাংসদসকলক বহিষ্কাৰ কৰা হৈছিল । এনেবোৰ ক্ষেত্ৰত ব্ৰিটেইনৰ দৰে দেশত গ্ৰহণ কৰা অনুৰূপ পদ্ধতি কাৰ্যকৰী কৰি ব্যৱস্থাটোক অধিক শক্তিশালী কৰিব লাগে ।

দলসমূহে এনে লোকক উচ্চ সদনৰ বাবে মনোনীত কৰিব লাগে যিয়ে সদনত শান্তি আৰু একতাৰ পথিকৃত হিচাপে কাম কৰাৰ লগতে দেশৰ বিকাশত অৱদান আগবঢ়াব পাৰে । লগতে প্ৰতিজন সদস্যই তেওঁলোকৰ সংযম বা অনুশাসনত গুৰুত্ব প্ৰদান কৰাটো জৰুৰী যাতে ৰাজ্যসভাৰ সন্মান অটুত থাকে ।

এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উচ্চ সদনৰ ২৫০ সংখ্যক অধিৱেশনক সম্বোধি কোৱা এই কথাষাৰ প্ৰাসংগিক-

ৰাজ্যসভা চিৰস্থায়ী, মাথো সাংসদসকলহে এজন আহিব, আনজন যাব” ।

Conclusion:
Last Updated : Nov 19, 2019, 6:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.