নিউজ ডেস্ক, ৩০ জুনঃ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে টেলিফোন যোগে বাৰ্তালাপ কৰিব আমেৰিকাৰ কাউণ্টাৰপাৰ্ট মাৰ্ক এছপাৰ সৈতে । বিগত কিছুদিন পূৰ্বে জম্মুৰ লাডাখনৰ সীমান্ত ৰেখাত ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষৰ সন্দৰ্ভত ৰাজনাথ সিঙে আমেৰিকাৰ কাউণ্টাৰপাৰ্ট মাৰ্ক এছপাৰ সৈতে বাৰ্তালাপ কৰিব বুলি সন্দেহ প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ।
প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াববীয়াই কয় যে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে টেলিফোন যোগে আমেৰিকাৰ কাউণ্টাৰপাৰ্ট মাৰ্ক এছপাৰ সৈতে বাৰ্তালাপ কৰিব । লাডাখনৰ সীমান্ত ৰেখাত ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষ সন্দৰ্ভতে বাৰ্তালাপ কৰিব বুলি আশা কৰা হৈছে ।
লগতে চাওকঃ COVID-19: ২২ জুলাইলৈকে নেপালত পুনৰ লক ডাউন