ETV Bharat / bharat

ৰাজস্থানত বাকী ৰোৱা দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ মুকলি

author img

By

Published : Jun 11, 2020, 10:22 PM IST

বৰ্ডৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া 6 বজাৰ পৰা মুকলি কৰিছে প্ৰৱেশ পত্ৰ সমূহ । ছাত্ৰ-ছাত্ৰী সকলে rajeduboard.rajasthan.gov.ৰ পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব ।

ৰাজস্থানত বাকী ৰোৱা দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ মুকলি
ৰাজস্থানত বাকী ৰোৱা দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ মুকলি

নিউজ ডেস্ক, 11 জুনঃ ৰাজস্থান বিদ্যালয় শিক্ষা পৰিষদ(RSEB)ৰ দ্বাৰা বৃহস্পতি বাৰে মুকলি কৰা হ'ল লক ডাউনৰ বাবে অনুষ্ঠিত হ'বলৈ বাকী ৰোৱা দশম দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সমূহৰ বাবে প্ৰৱেশ পত্ৰ ।

বৰ্ডৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া 6 বজাৰ পৰা মুকলি কৰিছে প্ৰৱেশ পত্ৰ সমূহ । ছাত্ৰ-ছাত্ৰী সকলে rajeduboard.rajasthan.gov.ৰ পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব । উল্লেখ্য যে,পৰীক্ষাসমূহ 18 জুনৰ পৰা আৰম্ভ হ'ব । পুৱা 8.30ৰ পৰা 11.45 লৈ অনুষ্ঠিত হ'ব পৰীক্ষা সমূহ ।

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সূচী অনুসৰি 18 জুনত আৰম্ভ হৈ 30 জুনত সমাপ্ত হ'ব আৰু দশম শ্ৰেণীৰ বাকী ৰোৱা সমাজ বিজ্ঞান আৰু গণিতৰ পৰীক্ষা ক্ৰমে 29 আৰু 30 জুনত অনুষ্ঠিত হ'ব ।

লগতে চাওকঃ জম্মু কাশ্মীৰত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘা,নিহত 1 ভাৰতীয় সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.