ETV Bharat / bharat

ৰাজস্থান ৰাজনৈতিক সংকট : জয়শালমেৰলৈ স্থানান্তৰিত হ'ব অশোক গেহটল শিবিৰৰ বিধায়কক - কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক

ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ সময়ছোৱাত জয়পুৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ এখন হোটেলত বাহৰ পাতি থকা অশোক গেহলট শিবিৰৰ বিধায়কসকলক শুকুৰবাৰে জয়শালমেৰলৈ স্থানান্তৰিত কৰা হ'ব ৷ কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰে এই তথ্য ৷

গেহটল শিবিৰৰ বিধায়কক স্থানান্তৰকৰণ
ৰাজস্থান ৰাজনৈতিক সংকট
author img

By

Published : Jul 31, 2020, 1:48 PM IST

নেশ্যনেল ডেস্ক, 31 জুলাই : ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ সময়ছোৱাত জয়পুৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ এখন হোটেলত বাহৰ পাতি থকা অশোক গেহলট শিবিৰৰ বিধায়কসকলক শুকুৰবাৰে জয়শালমেৰলৈ স্থানান্তৰিত কৰা হ'ব ৷ কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰে এই তথ্য ৷

কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠকৰ পাচতে বিধায়কসকলক স্থানান্তৰিত কৰা হ'ব বুলি জানিবলৈ দিয়ে সূত্ৰটোৱে ৷ এই বৈঠকত মুখ্যমন্ত্ৰী অশোক গেহলটে বিধায়কসকলক সম্বোধন কৰিব ৷

শচীন পাইলট আৰু 18 গৰাকী কংগ্ৰেছ বিধায়কে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ পাচতে অশোক গেহলট শিবিৰৰ বিধায়কসকল 13 জুলাইৰ পৰা হোটেলত বাহৰ পাতি আছিল ৷

বিধায়কসকলৰ স্থানান্তৰকৰণৰ কাৰণ সন্দৰ্ভত সূত্ৰটোৱে কোনো তথ্য প্ৰকাশৰ পৰা বিৰত থাকে ৷

বৃহস্পতিবাৰে অশোক গেহলটে জানিবলৈ দিয়ে যে, বিধায়িনী দলৰ বৈঠকত তেওঁ আস্থা ভোটৰ সন্ধান কৰিব ৷ এই বৈঠকৰ পূৰ্বে পক্ষ সলনি কৰিবলৈ বিধায়কসকলক টকাৰ যোগান ধৰা হৈছে বুলিও গেহলটে দাবী কৰে ৷

গেহলটে লগতে এই কথাও উল্লেখ কৰে যে, যিসকল বিদ্ৰোহী বিধায়কে টকা গ্ৰহণ কৰা নাই তেওঁলোকে মুলসূঁতিলৈ ঘূৰি অহা উচিত ৷

লগতে পঢ়ক : বৈশ্বিক পৰ্যটনৰ বাবে কোনো সময়সীমা নাই, বৃদ্ধি পাব ভ্ৰমণৰ খৰছ- বিশেষজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.