ETV Bharat / bharat

কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ নকৰে শচিন পাইলটে! - Meeting of the Congress Legislative Party

সোমবাৰে অনুষ্ঠিত হ‘বলগীয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ নকৰে ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী শচিন পাইলটে৷

Meeting of the Congress Legislative Party
কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ নকৰে শচিন পাইলটে!
author img

By

Published : Jul 13, 2020, 7:05 AM IST

Updated : Jul 13, 2020, 8:23 AM IST

নিউজ ডেস্ক,13জুলাই: আজি অনুষ্ঠিত হ'বলগীয়া কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ নকৰে ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী শচিন পাইলটে৷ উপ-মুখ্যমন্ত্ৰী শচিন পাইলটে এই কথা উল্লেখ কৰি কয় যে,'' ত্ৰিশৰো অধিক কংগ্ৰেছৰ স্বতন্ত্ৰ বিধায়কৰ লগতে অশোক গহলোট চৰকাৰে মোক পূৰ্ণৰূপত সমৰ্থন জনোৱাৰ কথা উল্লেখ কৰিছে''৷

Meeting of the Congress Legislative Party
কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ নকৰে শচিন পাইলটে!

অন্য এক খবৰৰ বাবে: ছেইফি হাস্পতালৰ আই চি ইউত চিকিৎসাধীন বদৰুদ্দিন আজমল

উল্লেখ্য যে, কংগ্ৰেছৰ সভাপতি পদৰ পৰা ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ পাছতেই পৰৱৰ্তী সময়ত এই সভাপতি পদক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল ৷ এই সভাপতি পদৰ বাবে চৰ্চালৈ আহিছিল ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ নাম ৷ ইফালে, আজি নতুন দিল্লীত কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ এই বৈঠকত ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী শচিন পাইলটে অংশগ্ৰহণ কৰিব নে নাই ইয়াকে লৈ কংগ্ৰেছ নেতা সূৰ্যেৱালাই উত্থাপন কৰিছিল এক প্ৰশ্ন ৷ সূৰ্যেৱালাৰ মতে, শচিন পাইলটে এই বৈঠকত অংশগ্ৰহণ কৰাৰ কোনো সম্ভৱনা নাই ৷

প্ৰাপ্ত তথ্য অনুসৰি, ৰাজস্থানত কংগ্ৰেছ দল তীব্ৰ সংকটৰ সন্মুখীন হোৱাৰ বাবে গহলোট চৰকাৰ আৰু শচিন পাইলটে আয়োজন কৰিছিল এই বৈঠকৰ৷ কিন্তু ইয়াৰ পাছতেই উপ-মুখ্যমন্ত্ৰী শচিন পাইলটে এই বৈঠকত উপস্থিত নাথাকে বুলি উল্লেখ কৰে ৷ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, উপ-মুখ্যমন্ত্ৰীগৰাকীৰ সমৰ্থনত 30গৰাকীকৈ কংগ্ৰেছ বিধায়ক আৰু কিছু নিৰ্দলীয় বিধায়কৰ সম্পৰ্ক তথা সমৰ্থন লাভ কৰি আছে শচীন পাইলটে ৷

Last Updated : Jul 13, 2020, 8:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.