ETV Bharat / bharat

কংগ্ৰেছৰ বিৰুদ্ধে ন্যায়ালয়ত বিজেপি-বসপা

ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ হিচাপে আজি গোবিন্দ ডোটাসৰায়ে শপত গ্ৰহণ কৰিব ৷

author img

By

Published : Jul 29, 2020, 3:09 PM IST

rajasthan current political scenario
কংগ্ৰেছৰ বিৰুদ্ধে ন্যায়ালয়ত বিজেপি-বসপা

ৰাজস্থান, 29 জুলাই : ৰাজস্থানত অব্যাহত আছে ক্ষমতা দখলৰ যুঁজ ৷ ৰাজ্যখনত বহুজন সমাজ পাৰ্টীৰ 6 জন বিধায়ক কংগ্ৰেছ দলত যোগদান কৰা গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে ৷ বহুজন সমাজ পাৰ্টীৰ মহাসচিব সতীশ মিশ্ৰই দাখিল কৰিছিল এই আবেদন ৷ বিজেপিৰ বিধায়ক মদন দিলৱাৰৰ গোচৰৰ লগত একেলগে শুনানী গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে ৷

উল্লেখ্য যে,বিজেপিৰ বিধায়ক মদন দিলৱাৰেও বহুজন সমাজ পাৰ্টীৰ 6 জন বিধায়ক কংগ্ৰেছ দলত যোগদান কৰাৰ বিধানসভাৰ অধ্যক্ষৰ ওচৰত আবেদন দাখিল কৰিছিল ৷ কিন্তু অধ্যক্ষই এই আবেদন খাৰিজ কৰাত উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয় বিজেপিৰ বিধায়কগৰাকী ৷

আনহাতে আজি গোবিন্দ ডোটাসৰায়ে ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিব ৷ বৰ্তমান কংগ্ৰেছ দলৰ সকলো বিধায়ক বাছেৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ৰ অভিমুখে ৰাওনা হৈছে ৷ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু গোবিন্দ ডোটাসৰায়ো তেওঁলোকৰ লগতে ৰাওনা হৈছে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.