ETV Bharat / bharat

ৰাজস্থানৰ ৰাজনৈতিক সংকট: SOGয়ে ১২ঘণ্টা ধৰি জেৰা চলালে বিজেপিৰ সঞ্জয় জৈনক - সঞ্জয় জৈন, ভাৰত মালানী আৰু অশোক সিং চৌহান

কংগ্ৰেছ মুখপাত্ৰ ৰনদ্বীপ সিঙে বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাকে ধৰি বিদ্ৰোহী কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে গোচৰ পঞ্জীয়নৰ বাবে কৰা দাবীৰ পিছতে ৰাজস্থানৰ SOG(বিশেষ অভিযানকাৰী দল)ৰ এটা দলে শুকুৰবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা সঞ্জয় জৈনক আটক কৰি ১২ ঘণ্টা পৰ্যন্ত চলালে জেৰা ।

Rajasthan Crisis: SOG interrogates BJP leader Sanjay Jain for 12 hours
ৰাজস্থানৰ ৰাজনৈতিক সংকট: SOGয়ে ১২ঘণ্টা ধৰি জেৰা চলালে বিজেপিৰ সঞ্জয় জৈনক
author img

By

Published : Jul 17, 2020, 3:04 PM IST

নিউজ ডেস্ক,১৭ জুলাই: কংগ্ৰেছৰ তৰফৰ পৰা সঞ্জয় জৈনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ কৰা দাবী আৰু ৰাজস্থানত অশোক গেহল'ট নেতৃত্বাধীন চৰকাৰখনক উফৰাবলৈ চলোৱা 'হৰ্চ ট্ৰেডিং'ৰ দৰে কাৰ্যত ভাগ লোৱাৰ অপৰাধত বিজেপি নেতাজনক এই জেৰা চলোৱা হৈছিল ।

SOGৰ মুখ্য কাৰ্যালয়ত চলা এই জেৰাত বিজেপি নেতা সঞ্জয় জৈনক অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ লগতে আন তিনিগৰাকী শীৰ্ষ বিষয়াইও চলাইছিল জেৰা । জেৰাৰ প্ৰাৰম্ভিক অনুসন্ধানত এইটো নিশ্চিত হৈছে যে,সঞ্জয় জৈনৰ লগতে কেইবাগৰাকীওঁ বিদ্ৰোহী কংগ্ৰেছী বিধায়ক আৰু অন্য দলৰ একাংশ বিধায়কৰে মিলি চৰকাৰখনক ভঙাৰ চেষ্টা কৰিছিল ।

সামাজিক মাধ্যমযোগে প্ৰচাৰিত বিভিন্ন অডিঅ' ক্লিপত বিভিন্ন ভাষ্য প্ৰচাৰ হোৱাৰ পিছতে কংগ্ৰেছ দলে শুকুৰবাৰে দুগৰাকীকৈ বিধায়ক বিশ্বেন্দ্ৰ সিং আৰু ভনৱৰলাল শৰ্মাক দলৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰিছে । কংগ্ৰেছী মুখপাত্ৰ ৰনদ্বীপ সিঙে জনসাধাৰণৰ বিশ্বাসক ভংগ কৰা অভিযোগেৰে বিজেপিক ভৎসনা কৰাৰ লগতে ইয়াক গণতন্ত্ৰৰ বাবে এক ক'লা দিন আখ্যা দিলে ।

ইতিমধ্যে SOGয়ে সঞ্জয় জৈন,ভাৰত মালানী আৰু অশোক সিং চৌহানৰ মাজত হোৱা যোগাযোগৰ ওপৰতো অনুসন্ধান চলাইছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে । চৰকাৰখনক পতনৰ চেষ্টা চলোৱাৰ অভিযোগত এই কেইগৰাকী নেতাকো বিশেষ অভিযানকাৰী দলটোৱে আটক কৰি আনিছিল কাৰ্যালয়লৈ ।

'হৰ্ছ ট্ৰেডিং' জড়িয়তে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহল'টক ১০-১৫ কোটি টকাৰ প্ৰস্তাৱ দিয়াৰ লগতে চৰকাৰখনক ভঙাৰ পৰিকল্পনাৰ অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ পৰা পোৱাৰ পিছতে বিশেষ অভিযানকাৰী দলটোৱে মালানী আৰু চৌহানক উদয়পুৰ আৰু আজমেৰৰ পৰা আটক কৰিছিল ।

ইফালে বিধান সভা অধ্যক্ষ চি পি যোশীয়ে পূৰ্বৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলট আৰু ১৮ গৰাকীকে বিধায়কৰ বিৰুদ্ধে জাৰি কৰা অযোগ্যতাৰ নিৰ্দেশনাৰ(Disqualification notice)ৰ বিৰুদ্ধে এইসকলে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু শীঘ্ৰে এই লৈ ন্যায়ালয়ে শুনানি প্ৰকাশ কৰিব ।

লগতে চাওকঃ কৰ’ণাত আক্ৰান্ত বশিষ্ঠ আৰক্ষী থানাৰ উপ পৰিদর্শক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.