ETV Bharat / bharat

প্ৰৱাসী শ্ৰমিকক গৃহৰাজ্যলৈ প্ৰেৰণ কৰোতে খৰচ ২,১৪২ কোটি টকা

author img

By

Published : Jul 25, 2020, 5:38 PM IST

ভাৰতীয় ৰে'ল সেৱা বিষয়ববীয়াৰ ভাষ্য অনুসৰি সমগ্ৰ দেশজুৰি চলা লক ডাউনৰ সময়ত ভিন্ন ৰাজ্য়ত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ নিজ নিজ গৃহৰা জ্য়লৈ প্ৰেৰণ কৰিবৰ বাবে আগবঢ়োৱা বিশেষ শ্ৰমিক ৰে'ল সেৱাৰ বাবে খৰচ হয় মুঠ ২,১৪২ কোটি । ইয়াৰ ভিতৰত ভাৰতীয় ৰে'ল সেৱাই বিভিন্ন ৰাজ্য় সমূহৰ পৰা বৰ্তমান পৰ্যন্ত ৪২৯ কোটি টকাহে আদায় লাভ কৰে বুলি জানিবলৈ দিয়ে ।

প্ৰৱাসী শ্ৰমিক ৰে'ল সেৱা

নিউজ ডেস্ক, ২৫ জুলাইঃ বহিঃৰাজ্যত বন্দী হৈ থকা প্ৰৱাসী শ্ৰমিক সকলক নিজ ৰাজ্যলৈ ঘূৰি অনাৰ বাবে ভাৰতীয় ৰে'ল সেৱাই কৰ'ণা ভাইৰাছ সংকটৰ সময়ত তথা লক ডাউনত চলা বিশেষ শ্ৰমিকৰ ৰে'ল সেৱাৰ বাবে ২,১৪২ কোটি টকা খৰচ কৰে । কিন্তু ভাৰতীয় ৰে'ল সেৱাই বিভিন্ন ৰাজ্যসমূহৰ পৰা বৰ্তমান পৰ্যন্ত ৪২৯ কোটি টকাহে আদায় হয় বুলি শনিবাৰে এক বিবৃতিযোগে জানিবলৈ দিয়ে ভাৰতীয় ৰে'ল সেৱাই ।

ভাৰতৰ ৰাজ্য়সমূহৰ ভিতৰত গুজৰাটত আৰু মহাৰাষ্ট্ৰ শীৰ্ষ ৰাজ্য় আছিল যি প্ৰৱাসী শ্ৰমিকক অধিক হাৰত এই দুখন ৰাজ্যৰ পৰা নিজৰ নিজৰ গৃহ ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হৈছিল । আনহাতে,গুজৰাট ৰে'লৱে বিভাগে সকলোতকৈ অধিক তথা প্ৰৱাসী শ্ৰমিক ৰে'ল সেৱাৰ বাবে ১০২ কোটি টকা ভাড়া দিবলগীয়া হয় বুলি উল্লেখ কৰে । গুজৰাটত লক ডাউনৰ সময়ত ১৫ লাখ প্ৰৱাসী শ্ৰমিকক নিজ নিজ গৃহ ৰাজ্যলৈ প্ৰেৰণ কৰিবৰ বাবে মুঠ ১,০২৭ খন ৰে'ল চলাচল কৰে ।

আনহাতে,মহাৰাষ্ট্ৰৰ মুঠ ১২ লাখ প্ৰৱাশী শ্ৰমিকৰ বাবে ৮৪৪ খন ৰে'ল চলাৰ বিপৰীতে মহাৰাষ্ট্ৰ চৰকাৰে ভাৰতীয় ৰে'ল সেৱাক প্ৰদান কৰিছে ৮৫ কোটি টকা । তাৰোপৰি তামিলনাডু চৰকাৰে ৪ লাখ প্ৰৱাসী শ্ৰমিকৰ বাবে ২৭১ খন ৰে'ল চলাৰ বিপৰীতে ভাৰতীয় ৰে'ল সেৱা বিভাগক দিব লগা হৈছে ৩৪ কোটি টকা ।

লগতে চাওকঃ দহদিনত সম্পূৰ্ণ হ'ব যোৰহাটৰ অস্থায়ী ক'ভিড হাস্পতাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.