নেশ্যনেল ডেস্ক, ২৪ ডিচেম্বৰ: নতুন কৃষি আইনৰ বিৰোধিতাৰে কংগ্ৰেছ সাংসদসকলৰ ৰেলী প্ৰদৰ্শন । বৃহস্পতিবাৰে পুৱা ১০.৪৫ বজাত দিল্লীৰ বিজয় চকৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ ৰেলী প্ৰদৰ্শন কৰিব কংগ্ৰেছ সাংসদসকলে । ৰাহুল গান্ধীৰ নেতৃত্বত এই ৰেলী প্ৰদৰ্শনেৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰি চুক্তি স্বাক্ষৰ কৰিব । বুধবাৰে সংবাদ মাধ্যমৰ আগত এই কথা জনায় কংগ্ৰেছী নেতা কে সুৰেশে ।
দেশৰ ৰাজধানী দিল্লী কঁপোৱা প্ৰতিবাদী কৃষকসকৰ সমস্যা সমাধানৰ বাবে ৰামনাথ কোৱিন্দৰ লগতে কেবাজনো মন্ত্ৰী-নেতাৰে আলোচনাত মিলিত হৈ দুই কোটি স্বাক্ষৰিত এখন চুক্তি প্ৰেৰণ কৰিব ।
কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন বলৱৎ কৰাৰ পিছৰে পৰাই দেশৰ কৃষকসকলে মোডী চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আৰু সেই আইনৰ বাতিলৰ দাবীত পঞ্জাৱ,হাৰিয়াণাৰ পৰা হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে আন্দোলনত কঁপাইছে ৰাজধানী দিল্লী । ২৬ নৱেম্বৰৰ পৰা দিল্লী চলো কাৰ্যসূচী লৈ অহা এইসকল কৃষকক বাধা দিবলৈ হাৰিয়ানা আৰু দিল্লী সীমান্তত আৰক্ষী প্ৰশাসনে প্ৰৱল চেষ্টা চলাইছিল যদিও সক্ষম নহ'ল ।
উল্লেখনীয় যে প্ৰতিবাদী কৃষকক দেওবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰথমটো প্ৰস্তাৱৰ উপৰিও নিৰ্দিষ্ট মন্তব্য আলোচনা কৰাৰ লগতে কৃষকসকলৰ সুবিধানুযায়ী তাৰিখ নিৰ্ধাৰণ কৰিবলৈ নিমন্ত্ৰণী প্ৰদান কৰিছিল । যোৱা ৯ ডিচেম্বৰত কৃষকসকলৰ ষষ্ঠ পৰ্যায়ৰ আলোচনা চৰকাৰে স্থগিত ৰাখিছিল । অৱশ্যে ৮ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে ক্ষুদ্ধ কৃষক সংঘৰ ১৩ জনীয়া সদস্যৰ সৈতে আলোচনাত মিলিত হৈছিল ।