ETV Bharat / bharat

বিহাৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰৰ পৰা প্ৰচাৰ অভিযানত নামিব ৰাহুল গান্ধী

বিহাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰচাৰ অভিযানৰ প্ৰথম পদক্ষেপ হিচাপে শুকুৰবাৰে এক ৰেলীৰে অভিযান আৰম্ভ কৰিব ৰাহুল গান্ধীয়ে ৷ শুকুৰবাৰে হিচুৱাৰ আন্তঃ বিদ্যালয় প্ৰাংগনত পুৱা 11 বজাত নিৰ্বাচনী প্ৰচাৰৰ প্ৰথমটো ৰেলী ৰাহুল গান্ধীয়ে আৰম্ভ কৰিব ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিতু সিঙক সমৰ্থন জনাই তেওঁ এই অভিযানত অংশ ল'ব ৷

author img

By

Published : Oct 22, 2020, 10:56 PM IST

বিহাৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰৰ পৰা প্ৰচাৰ অভিযানত নামিব ৰাহুল গান্ধী
বিহাৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰৰ পৰা প্ৰচাৰ অভিযানত নামিব ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: কংগ্ৰেছ দলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে শুকুৰবাৰৰ পৰা বিহাৰ বিধান সভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত পূৰ্ণ পৰ্যায়ত নামি পৰিব ৷ নাৱাডাৰ হিচুৱা আৰু ভাগলপুৰৰ কাহালগাঁৱত অনুষ্ঠিত হ'ব লগা ৰেলী আৰু প্ৰচাৰ অভিযানৰ জড়িয়তে প্ৰাক্তন সভাপতি গৰাকী নিৰ্বাচনী অভিযান আৰম্ভ কৰিব ৷

শুকুৰবাৰে ৰাতিপুৱা হিচুৱাৰ আন্তঃবিদ্যালয় প্ৰাংগনত ৰাহুল গান্ধীয়ে প্ৰথমটো ৰেলী আৰম্ভ কৰিব ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিতু সিঙক সমৰ্থন কৰি ৰাহুল গান্ধীয়ে এই ৰেলী আৰম্ভ কৰিব ৷ ইয়াৰ পাছতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকী ভাগলপুৰৰ কাহালগাঁৱত উপস্থিত থাকিব আৰু এচএচভি মহাবিদ্যালয় প্ৰাংগনত আবেলি 2 বজাত এখন সভা সম্বোধন কৰিব ৷

বিহাৰ নিৰ্বাচনত কংগ্ৰেছ দল এইবাৰ মহাজোঁট বন্ধনৰ এক অংশ হিচাপে 70 খন আসনৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব ৷ কংগ্ৰেছৰ লগতে ৰাষ্ট্ৰীয় জনতা পাৰ্টী আৰু বাওঁপন্থী দল এই মহাজোঁট বন্ধনত আছে ৷ 'পৰিৱৰ্তন চিঠি' শীৰ্ষক এক নিৰ্বাচনী ঘোষণা পত্ৰ কংগ্ৰেছ দলে বিহাৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: উত্তৰ প্ৰদেশৰ 3.4 লক্ষাধিক কৃষকলৈ মুখ্যমন্ত্ৰীৰ 113.21 কোটি টকাৰ সাহাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.