ETV Bharat / bharat

পবন টাৰ্বাইন : ৰাহুল গান্ধী আৰু পীযুষ গোয়েলৰ মাজত বাকযুদ্ধ - কংগ্ৰেছ

পবন টাৰ্বাইনৰ বিষয়ক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰাৰ পিছতে উভতি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোয়েলসহ আন বি জে পি নেতাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবন টাৰ্বাইন স্বচ্ছ খোৱাপানী, অক্সিজেন আৰু শক্তি উৎপন্ন কৰাত ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছিল । প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়োৱাৰ পিছতে তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে । ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ গৈ ৰাহুল গান্ধী আৰু পীযুষ গোয়েলৰ মাজত বাকযুদ্ধ আৰম্ভ হয় ।

পবন টাৰ্বাইন: ৰাহুল গান্ধী আৰু পিয়ুষ গোয়েলৰ মাজত বাকযুদ্ধ

author img

By

Published : Oct 9, 2020, 4:21 PM IST

নেশ্যনেল ডেস্ক, ৯অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰাক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ তীব্ৰ বাক্যবাণ কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোয়েলৰ । শুকুৰবাৰে পবন টাৰ্বাইনৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা পৰামৰ্শক কটাক্ষ কৰে ৰাহুল গান্ধীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবন টাৰ্বাইন স্বচ্ছ খোৱাপানী, অক্সিজেন আৰু শক্তি উৎপন্ন কৰাত ব্যৱহাৰ কৰিব পাৰি বুলি পৰামৰ্শ দিছিল । কংগ্ৰেছ নেতাগৰাকীৰ সমালোচনামূলক মন্তব্যৰ পিছতে উভতি ধৰিলে পীযুষ গোয়েলে । বি জে পিৰ মুখপাত্ৰ সংবিত পাত্ৰই সমালোচনা কৰে ৰাহুল গান্ধীক । তেওঁ কয় যে, 'ৰাহুলে গান্ধীয়ে বৈজ্ঞানিক কাগজ-পত্ৰ পঢ়াৰ প্ৰয়োজন আছে।'

  • The real danger to India isn’t that our PM doesn’t understand.

    It’s the fact that nobody around him has the guts to tell him. pic.twitter.com/ppUeBeGwpk

    — Rahul Gandhi (@RahulGandhi) October 9, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইটত উল্লেখ কৰিছে যে, ভাৰতৰ বাবে প্ৰকৃত বিপদ এইটো নহয় যে, প্ৰধানমন্ত্ৰীৰ বোধশক্তি কম, তেওঁৰ চৌপাশে থকা কোনো ব্যক্তিৰে তেওঁক নেওচি কথা কোৱাৰ সাহস নাই । গোয়েলে লগতে ৱাইণ্ড এনাৰ্জী কোম্পানী মুৰব্বীৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে । ভিডিঅ'টোত দেখা গৈছে যে, পবন টাৰ্বাইন কেৱল শক্তি উৎপাদনতে নহয়, স্বচ্ছ খোৱাপানী, অক্সিজেন আৰু শক্তি উৎপন্ন কৰাতো ব্যৱহাৰ কৰা হয় ।

ৰাহুল গান্ধীয়ে বুজি নাপায় বুলি কোৱাৰ সাহস ৰাহুলৰ আশে-পাশে থকা কোনো লোকৰে নাই বুলিও টিপ্পনী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । পীযুষ গোয়েলে কয় যে, বিশ্বৰ অগ্ৰণী কোম্পানীৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰীৰ কথাৰ সমৰ্থন কৰাৰ সময়ত ৰাহুল গান্ধীয়ে মোদীৰ চিন্তাধাৰাক লৈ কটাক্ষ কৰিছে । নিজৰ টুইটোৰ লগত এটা বাতৰিও গোয়েলে শ্বেয়ৰ কৰিছে য'ত কোৱা হৈছে যে, পবন টাৰ্বাইনৰ পাতল বায়ুৰে পানী প্ৰস্তু কৰা হয় ।

বি জে পিৰ মুখপাত্ৰ সম্বিত পাত্ৰই টুইটযোগে কয় যে, 'কাইলৈ পুৱা ৰাহুল মহোদয়ে শোৱাৰ পৰা উঠি মই পোষ্টটোৰ সৈতে সংলগ্ন কৰি দিয়া বৈজ্ঞানিক পত্ৰ দুখন পঢ়ক । অৱশ্যে মোৰ বিশ্বাস আছে যে আপুনি কোনো বিষয়ৰে জটিলতা বুজি নাপাব ।' লগতে পবন টাৰ্বাইনে মৰুভূমিত প্ৰতি দিনে ১০০০লিটাৰ পৰিস্কাৰ পানী উৎপাদন কৰে বুলি মন্তব্য কৰে সম্বিত পাত্ৰই । বি জে পিৰ চ'ছিয়েল মিডিয়াৰ মুৰব্বীৰ দায়িত্বত থকা অমিত মালবিয়াই অজ্ঞতাৰ কোনো চিকিৎসা নাই বুলি কৈ ৰাহুল গান্ধীক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কৰে ।

লগতে পঢ়ক:হিংসাত্মক 'নৱন্না চলো' আন্দোলন : মমতাক জগৰীয়া কৰিলে বিজেপিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.