নেশ্যনেল ডেস্ক, 25 জুলাই : ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ বাবে ভাৰতীয় জনতা দলক জগৰীয়া কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে কয় যে, বিজেপিয়ে ৰাজস্থান চৰকাৰক নিজৰ অধীন কৰিব বিচাৰিছে ৷ লগতে গান্ধীয়ে বিধানসভাৰ অধিবেশন আয়োজন কৰিবলৈ ৰাজস্থানৰ ৰাজ্যপাল কালৰাজ মিশ্ৰাক অনুৰোধ জনায় ৷
-
देश में संविधान और क़ानून का शासन है।
— Rahul Gandhi (@RahulGandhi) July 24, 2020 " class="align-text-top noRightClick twitterSection" data="
सरकारें जनता के बहुमत से बनती व चलती हैं।
राजस्थान सरकार गिराने का भाजपाई षड्यंत्र साफ़ है। ये राजस्थान के आठ करोड़ लोगों का अपमान है।
राज्यपाल महोदय को विधान सभा सत्र बुलाना चाहिए ताकि सच्चाई देश के सामने आए।#ArrogantBJP
">देश में संविधान और क़ानून का शासन है।
— Rahul Gandhi (@RahulGandhi) July 24, 2020
सरकारें जनता के बहुमत से बनती व चलती हैं।
राजस्थान सरकार गिराने का भाजपाई षड्यंत्र साफ़ है। ये राजस्थान के आठ करोड़ लोगों का अपमान है।
राज्यपाल महोदय को विधान सभा सत्र बुलाना चाहिए ताकि सच्चाई देश के सामने आए।#ArrogantBJPदेश में संविधान और क़ानून का शासन है।
— Rahul Gandhi (@RahulGandhi) July 24, 2020
सरकारें जनता के बहुमत से बनती व चलती हैं।
राजस्थान सरकार गिराने का भाजपाई षड्यंत्र साफ़ है। ये राजस्थान के आठ करोड़ लोगों का अपमान है।
राज्यपाल महोदय को विधान सभा सत्र बुलाना चाहिए ताकि सच्चाई देश के सामने आए।#ArrogantBJP
এক টুইটৰ জৰিয়তে গান্ধীয়ে কয়,"দেশত শাসনৰ ক্ষেত্ৰত কিছু নিয়ম থাকে ৷ চৰকাৰ গঠন হয় আৰু সংখ্যগৰিষ্ঠতাৰ জৰিয়তে পৰিচালিত হয় ৷ এয়া ৰাজস্থানৰ 8 কোটি জনতালৈ অপমান ৷"
লগতে কালৰাজ মিশ্ৰাক এখন বিধানসভা অধিবেশন অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাই গান্ধীয়ে কয়,"ৰাজ্যপালে এখন বৈঠক অনুষ্ঠিত কৰিব লাগে যাতে দেশে সত্যটো বুজি উঠে ৷"
আনহাতে,জনতাই ৰাজভৱন ঘেৰাও কৰিলে চৰকাৰ দায়ী নহয় বুলি মুখ্যমন্ত্ৰী অশোক গেহলটে মন্তব্য কৰাৰ পাচতে ৰাজ্যপাল কালৰাজ মিশ্ৰাই শুকুৰবাৰে গেহলটলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷
গেহলটে পূৰ্বেও ৰাজ্যপালৰ সৈতে মিলিত হৈছিল আৰু বিধানসভাৰ অধিবেশন আয়োজন আৰু ভাৰতীয় সংবিধানৰ আধাৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল ৷ আনহাতে,ৰাজ্যপালগৰাকীয়ে কৰ'ণা মহামাৰীৰ সময়ত এনে বৈঠকৰ বাবে অস্বীকাৰ কৰিছিল ৷
কিন্তু, শেহতীয়াকৈ কংগ্ৰেছৰ বিধায়কসকলে ৰাজ ভৱনত ধৰ্ণা অন্ত পেলালে বৈঠকৰ আয়োজন কৰিব বুলি জানিবলৈ দিয়ে ৰাজস্থানৰ ৰাজ্যপাল কালৰাজ মিশ্ৰাই ৷
লগতে পঢ়ক : COVID-19 যোদ্ধালৈ স্বৰ্ণ পদক উচৰ্গা কৰিলে হিমা দাসে