নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃমঙলবাৰে ৰাফেল যুদ্ধ বিমান ক্ৰয়ত হোৱা কেলেংকাৰী সম্পৰ্কত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা শুনানিৰ পুনৰীক্ষণ আৱেদনৰ শুনানি গ্ৰহণ কৰিব দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্তসিনহা, অৰুণ চৌৰী আৰু বিশিষ্ট অধিবক্তা প্ৰশান্ত ভুষণে দাখিল কৰা পুনৰীক্ষণৰ আৱেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে, ১৪ ডিচেম্বৰত ৰাফেল যুদ্ধ বিমান ক্ৰয়ত কোনোধৰণৰ কেলেংকাৰী সংঘটিত নোহোৱাৰ লগতে এইক্ষেত্ৰত কোনোধৰণৰ অনুসন্ধানৰ প্ৰয়োজন নাই বুলি শুনানি দিছিল সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে । এই শুনানিৰ পাচতে ২ জানুৱাৰী ২০১৯ত এই শুনানিৰ পুনৰীক্ষণৰ বাবে আবেদন উচ্চতম ন্যায়ালয়ত জনাইছিল দুই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে।
ৰাফেল শুনানিৰ পুনৰীক্ষণ আৱেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে - ৰাফেল যুদ্ধ বিমান
দুই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে দাখিল কৰিছিল পুনৰীক্ষণ আৱেদন