নিউজ ডেস্ক, ১ মে': অসমৰ বৰাক ভেলীত নৱম, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক অল ইণ্ডিয়া ৰেডিঅ'ৰ জৰিয়তে দিয়া হ'ব পাঠদান । দেশজুৰি চলা লক ডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ পাঠদানত ব্যাখাত নজন্মিবৰ বাবে এনেদৰে অডিঅ' মাধ্যমেৰে পাঠদান কৰিব বুলি উল্লেখ কৰে শিক্ষা বিভাগৰ এগৰাকী বিষয়ববীয়াই ।
৩ মে' ৰ পৰা ৮ মে'লৈ কাছা়ৰ আৰু হাইলাকান্দি জিলাত শিক্ষকসকলে বাণীবন্ধ কৰা বিষয়সমূহ সম্প্ৰচাৰ কৰিব ৰেডিঅ' যোগে ৷ আনহাতে, কৰিমগঞ্জ জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া বৰ্তমান পৰ্যন্ত সদৰী কৰা নাই ।
বিষয় সন্দৰ্ভত হাইলাকান্দিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাজীৱ কুমাৰ যোশীয়ে কয়, "শৈক্ষিক সম্প্ৰচাৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে ঘৰত বহিয়ে ৰেডিঅ'ৰ জৰিয়তে শিক্ষা লাভ কৰিব । ইন্টাৰনেট তথা স্মাৰ্টফোন নথকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবেই ছেবাই এই পদক্ষেপ গ্ৰহণ কৰে ।"
তাৰোপৰি ছেবাই কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি চলা লক ডাউনৰ সময়ত শৈক্ষিক ক্ষতি হ্ৰাস কৰিবলৈ অনলাইন তথা অফলাইনেৰে ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰত উপস্থিত হোৱা বাবে বিভিন্ন বিকল্পৰ সন্ধান কৰি আছে ।