নেশ্যনেল ডেস্ক, ২৬ জানুৱাৰী: ৭২ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজধানী দিল্লীত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । একে সময়তে কৃষকৰ প্ৰতিবাদে কঁপাইছে দিল্লীৰ ৰাজপথ ।
আই টি অ', যমুনা দলঙৰ উপৰিও আন সকলোবোৰ গুৰুত্বপূৰ্ণ স্থানত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । সুৰক্ষাজনিত কাৰণত ঠায়ে ঠায়ে বেৰিকেড লগোৱা হৈছে । আনহাতে, কিছু কিছু স্থানত প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছো নিক্ষেপ কৰিছে আৰক্ষীয়ে ।
গণৰাজ্য দিৱসৰ দিনাই কৃষকসকলে কৃষি আইনৰ বিৰোধিতাৰে দিল্লীৰ কেইবাটাও পথেৰে ট্ৰেক্টৰ ৰেলী উলিওৱাৰ অনুমতি লাভ কৰাৰ পিছতে আৰক্ষী অধিক সষ্টম হোৱা পৰিলক্ষিত হৈছে ।
যোৱা ২৪ জানুৱাৰীত দিল্লীৰ আৰক্ষী বিষয়া দীপেন্দ্ৰ পাঠকে কৈছিল যে, কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ বাবে সীমান্তৰ তিনিটা স্থান সংযোগী তিনিটা পথ নিৰ্ধাৰণ কৰি দিয়া হৈছে । তেওঁ জনোৱা মতে, টিক্ৰী, সিন্ধু, গাজিপুৰ সীমান্তৰে প্ৰতিবাদী সমদলে দিল্লীত প্ৰৱেশ কৰিব আৰু প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত পূৰ্বৰ স্থানলৈ উভতি যাব ।
সিন্ধু সীমান্তৰ পৰা কৃষকে ট্ৰেক্টৰ ৰেলী কাঞ্জাৱালা,বাৱানা,ঔচান্দী সীমান্ত,কে এম পি পথেৰে উলিয়াব । তেওঁ লগতে কয় যে,টিক্ৰী সীমান্তৰ পৰা কৃষকে নাজাফগড় আৰু পশ্চিম পেৰিফাৰেল পথেৰে ৰেলী উলিয়াব ।
আনহাতে, গাজিপুৰ সীমান্তৰ পৰা কুণ্ডিল-গাজিপুৰ-পালৱাল পথেৰে ট্ৰেক্টৰ ৰেলী উলিয়াব কৃষকে । ইফালে, বিদ্যুৎ বিতৰণ কোম্পানীক 'ন্যায়ৰ বাবে শিখ' নামৰ সংগঠনটোৱে ভাবুকি দিয়াৰ পিছতে দিল্লী আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।
লগতে পঢ়ক:6 গৰাকী চিবিআই বিষয়ালৈ ৰাষ্ট্ৰপতিৰ পদক