ETV Bharat / bharat

৩০ জুনৰ পাচত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত ল'ব চৰকাৰে

পঞ্জাৱৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ পৰীক্ষা আয়োজন সন্দৰ্ভত আগন্তুক ৩০ জুনৰ পাচত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি শনিবাৰে ফেছবুকযোগে সদৰি কৰে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ।

author img

By

Published : Jun 14, 2020, 9:03 AM IST

পঞ্জাৱ চৰকাৰ
৩০ জুনৰ পাচত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত লব পঞ্জাৱ চৰকাৰে

নিউজ ডেস্ক, ১৪ জুনঃ পঞ্জাৱত ৩০ জুনৰ পাচত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্ণয় গ্ৰহণ কৰিব পঞ্জাৱ চৰকাৰে । ভাৰত চৰকাৰ দ্বাৰা দিয়া নতুন নিৰ্দেশৰ ভিত্তিতে গ্ৰহণ কৰা হ'ব এই সিদ্ধান্ত ।

শনিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে ফেছবুকযোগে সদৰি কৰে এই কথা ।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, চলিত বৰ্ষত মহামাৰী কৰ'ণাৰ ভয়াৱহতা আৰু সংকটৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত উত্তীৰ্ণ কৰাবলৈ অনুৰোধ কৰা হৈছিল ।

লগতে কয় যে, পঞ্জাৱৰ সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিশ্ববিদ্যালয় অনুদান আয়োগৰ সৈতে জড়িত । গতিকে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগক আগন্তুক ১ জুলাইত পৰীক্ষা সম্বন্ধীয় বিষয়ৰ ভিতৰত নিৰ্দেশনা জাৰি কৰাৰ সম্ভৱনা আছে । লক ডাউন ৫.০ ৰ পৰা আনলক ১.০ ৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিব ।

আনহাতে, দেশৰ কিছুসংখ্যক ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কয় যে, এনেদৰে পৰীক্ষা অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা উলংঘা কৰা হৈছে । কেৱল ৰাজ্য চৰকাৰে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.