ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ২৮ গৰাকী ব্যক্তিৰ বিৰুদ্ধে থকা পিএছএ গোচৰ প্ৰত্যাহাৰ

author img

By

Published : Apr 25, 2020, 2:14 PM IST

জম্মু-কাশ্মীৰ প্ৰশাসনে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ২৮ গৰাকী ব্যক্তিৰ বিৰুদ্ধে থকা অভিযোগ প্ৰত্যাহাৰ কৰিছে । কেন্দ্ৰই অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰি জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ পিচতে এইসকল ব্যক্তিক ৰাজহুৱা সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল । চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আহিবলগীয়া দিনত আৰু অধিক ব্যক্তিক এইদৰে মুকলি কৰি দিয়া হ'ব ।

পিএছএ গোচৰ প্ৰত্যাহাৰ
পিএছএ গোচৰ প্ৰত্যাহাৰ

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ জম্মু-কাশ্মীৰ প্ৰশাসনে ৰাজহুৱা সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা ২৮ গৰাকী ব্যক্তিক মুকলি কৰি দিছে । পূৰ্বৱৰ্তী জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ অধিকাৰ প্ৰত্যাহাৰ কৰি কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ পিচতে গ্ৰেপ্তাৰ হৈছিল এইকেইগৰাকী লোক । জম্মু-কাশ্মীৰ প্ৰশাসনৰ এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াই সদৰী কৰিছে এই তথ্য ।

জম্মু-কাশ্মীৰ প্ৰশাসনৰ এগৰাকী উচ্চ পদস্থ বিষয়াই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা অনুসৰি, মুকলি কৰি দিয়া লোককেইজনৰ ২২গৰাকীক উত্তৰ প্ৰদেশৰ জেলত ৰখাৰ বিপৰীতে ৬গৰাকীক কাশ্মীৰত ৰখা হৈছিল । মুকলি কৰি দিয়াসকলৰ ভিতৰত কাশ্মীৰ ইকনোমিক এলায়েন্স (Kashmir Economic Alliance, KEA)ৰ স্বত্বাধিকাৰী মুহম্মদ য়াছিন খানো আছে বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ।

জম্মু-কাশ্মীৰৰ গৃহ বিভাগৰ বিষয়াগৰাকীয়ে জনায় যে, এই তালিকাত পিপুলছ কনফাৰেন্স দলৰ অধ্যক্ষ সজ্জাড গানি লনৰ দুগৰাকী সহযোগীও আছে । এই আটাইকেইগৰাকী ব্যক্তিকে অনুচ্ছেদ ৩৭০ আৰু ৩৫ (এ) প্ৰত্যাহাৰ কৰাৰ পিচত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত জেললৈ প্ৰেৰণ কৰা হৈছিল । এওঁলোকৰ সকলো আইনী প্ৰক্ৰিয়া সমাপ্ত হৈছে আৰু অহা সপ্তাহৰ ভিতৰত তেওঁলোকক সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হ'ব । ইয়াৰ পিচতেই এইদৰে মুকলি কৰি দিয়া লোকৰ সংখ্যা ৬৯ গৰাকীলৈ বৃদ্ধি পায় বুলি বিষয়াগৰাকীয়ে সদৰী কৰে ।

লগতে পঢ়কঃ লক ডাউনৰ মাজত "ইটিভি ভাৰত অসম"ৰ সংবাদকৰ্মীক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.