ETV Bharat / bharat

2.5 চে:মি: ৰ যঁতৰ সাজি উলিয়ালে প্ৰয়াগৰাজৰ এগৰাকী লোকে

এগৰাকী 35 বৰ্ষীয় লোকে 2.5 চে:মি: জোখৰ এটা আটাইতকৈ সৰু যঁতৰ সাজি উলিয়ায় ৷ প্ৰয়াগৰাজৰ এগৰাকী বিশেষভাৱে সক্ষম উদ্ভাৱক গৰাকীৰ নাম বিমল কিশোৰ ৷

author img

By

Published : Jan 2, 2021, 8:25 PM IST

2.5 চে:মি: ৰ যঁতৰ সাজি উলিয়ালে প্ৰয়াগৰাজৰ এগৰাকী লোকে
2.5 চে:মি: ৰ যঁতৰ সাজি উলিয়ালে প্ৰয়াগৰাজৰ এগৰাকী লোকে

নেশ্যনেল ডেস্ক, 2 জানুৱাৰী: এক ব্যতিক্ৰমী প্ৰয়াসেৰে প্ৰয়াগৰাজৰ এগৰাকী 35 বৰ্ষীয় লোকে 2.5 চে:মি: জোখৰ এটা আটাইতকৈ সৰু যঁতৰ সাজি উলিয়ায় ৷ লোকগৰাকীয়ে মাত্ৰ 3 দিনৰ ভিতৰতে সাজি উলিয়ায় যঁতৰটো ৷ তেওঁৰ এই ব্যতিক্ৰমী সৃষ্টিৰাজিৰ বাবে তেওঁৰ নাম খোদিত হয় লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত ৷

যেতিয়া তেওঁক ইটিভি ভাৰতৰ সাংবাদিকে তেওঁক সেই ক্ষুদ্ৰাকাৰৰ যঁতৰটো কিয় নিৰ্মাণ কৰিলে বুলি প্ৰশ্ন কৰে তেতিয়া বিমল কিশোৰ নামৰ বিশেষভাৱে সক্ষম লোকগৰাকীয়ে কৈছিল, তেওঁৰ এগৰাকী বন্ধুৱে তেওঁক 3 চে:মি: ৰ যঁতৰ নিৰ্মাণ কৰা এজন লোকৰ কথা কৈছিল ৷ তেওঁ সেই কথাটোক প্ৰত্যাহ্বান হিচাপে লৈ লোকগৰাকীৰ অভিলেখ ভংগ কৰাত গুৰুত্ব প্ৰদান কৰে ৷

"সেই সময়ত মই সঁচাকৈয়ে কোনো ধাৰণা কৰিব পৰা নাছিলো যে, তেওঁৰ অভিলেখ ভংগ কৰাৰ প্ৰত্যাহ্বানে মোৰ নিজৰ বাবে এক অভিলেখ গঢ়িব ৷" এই মন্তব্য কৰে বিমল কিশোৰে ৷

ইয়াৰোপৰি তেওঁ কয়, এইটোৱেই তেওঁৰ একমাত্ৰ উদ্ভাৱন নহয় ৷ তেওঁৰ সৈতে ক্ষুদ্ৰ ক্ষুদ্ৰ এনে বহু সামগ্ৰীৰ সংগ্ৰহ আছে ৷ যাৰ ভিতৰত ৱৰ্ল্ড কাপ, চাইকেল, গীটাৰ আৰু বহুতো সামগ্ৰী সন্নিবিষ্ট হৈ আছে ৷

লগতে পঢ়ক: আজিৰ ষ্টাৰ্ট আপ কালিলৈ মাল্টিনেশ্যনেল কোম্পানী : নৰেন্দ্ৰ মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.