ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি বিৰোধিতাৰে সমগ্ৰ দেশতে প্ৰতিবাদ

author img

By

Published : Dec 19, 2019, 12:38 PM IST

সংশোধিত নাগৰিকত্ব আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দেশৰ বিভিন্ন অঞ্চলত বন্ধৰ আহ্বান জনোৱা হৈছে লগতে বিভিন্ন অঞ্চলত 144 ধাৰাও জাৰি কৰা হৈছে ৷

patna
পাটনা

নিউজ ডেস্ক, 19 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধিতাৰে মাকপা আৰু ভাকপা সহ বামপন্থী দলে বৃহস্পতিবাৰে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বুধবাৰে বামপন্থী দলে জনোৱা অনুসৰি বৃহস্পতিবাৰে মাকপা, ভাকপা, ভাকপা মালে, ফৰৱাৰ্ড ব্লক আৰু ৰিৱলিউচনেৰি চচিয়েলিষ্ট পাৰ্টি সহ অন্য বামপন্থী সংগঠনে প্ৰতিখন দেশৰ প্ৰতিখন ৰাজ্য আৰু জিলাতে সংশোধিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব ৷

জানিব পৰা মতে ৰাজধানীতো সংশোধিত আইনখনৰ বিৰুদ্ধে এক বিশাল ধৰণা প্ৰতিবাদৰ আয়োজন কৰা হৈছে৷ লগতে সকলো বামপন্থী দলৰ জ্যেষ্ঠ নেতা সকলৰ নেতৃত্বত মণ্ডি হাউচৰ পৰা শ্বহীদ পাৰ্কলৈকে এক শান্তি সমদলৰ আয়োজন কৰা হৈছে৷ শান্তি সমদলৰ পূৰ্বে মণ্ডি হাউচত এক জনসভা আয়োজন কৰা হ'ব ৷ মাকপাৰ মহাসচিব সীতাৰাম য়েচুৰী আৰু ভাকপাৰ মহাসচিব ডি ৰাজা সহ অন্য বামপন্থী সংগঠনৰ নেতা সকলে এই জনসভা সম্বোধিত কৰিব ৷

চিএএ আৰু এনআৰচি বিৰোধিতাৰে পাটনাত ৰে'ল অৱৰোধ

উল্লেখ্য যে দৰভংগাস্থিত লাহিৰাচৰায় ৰে'লৱে ষ্টেচনত চিপিআই-এমৰ কৰ্মীয়ে সংশোধিত আইন আৰু এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰে'ল অৱৰোধ কৰে ৷ আনহাতে অল ইণ্ডিয়া ষ্টুডেন্টচ ফেডেৰেচনৰ সদস্য সকলে চি(এ)এৰ প্ৰতিবাদত পাটনাৰ ৰাজেন্দ্ৰ নগৰ ৰে'লৱে ষ্টেচনত ৰে'ল অৱৰোধ কৰে ৷ কৰ্ণাটকত বামপন্থী আৰু মুছলিম সংগঠনৰ দ্বাৰা সংশোধিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বন্ধৰ আহ্বান কৰা হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে বাংগালুৰুৰ গ্ৰামীণ এলেকা সমূহত আজি পুৱা 6 বজাৰ পৰা আগন্তুক 3 দিনলৈকে 144 ধাৰা জাৰি কৰা হৈছে ৷ দিল্লীৰ লালকিল্লাৰ সমীপৰ অঞ্চল সমূহতো 144 ধাৰা জাৰি কৰা হৈছে ৷ তদুপৰি ত্ৰিপুৰাতো সংশোধিত নাগৰিকত্ব আইনখনৰ বিৰোধিতাৰে বন্ধৰ আহ্বান কৰা হৈছে ৷

লগতে পঢ়ক - 'ইউ এচ হাউচত' ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহা অভিযোগৰ প্ৰস্তাৱ গৃহীত

Intro:Body:

PROTEST AGINST CAA AND NRC ACROSS THE COUNTRY

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.