নিউজ ডেস্ক, 25 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ ভাৰতৰ অভিকেন্দ্ৰ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতত অংশ লৈ চাকৰিৰ পৰা বৰ্খাস্ত হ'ল এলাহাবাদ বিশ্ববিদ্যায়ৰ অধ্যাপক । প্ৰফেছাৰ মহম্মদ চাহিদ নামৰ অধ্যাপক জনক এই সপ্তাহৰ আৰম্ভণিতে আন 29 গৰাকী জামাতীৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । 29 গৰাকী লোকৰ ভিতৰত 16 গৰাকী বিদেশী লোক আছিল । তেওঁলোকৰ ভিতৰৰ এজনৰ দেহত পোৱা গৈছিল কৰ'ণা ভাইৰাছ ।
গ্ৰেপ্তাৰৰ পাচত বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপকজনক বৰ্খাস্ত কৰা হৈছে বুলি বিশ্ববিদ্যালয় সূত্ৰই প্ৰকাশ কৰিছে ।
গ্ৰেপ্তাৰৰ পাচত অধ্যাপক জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে আনসকলক আছুতীয়াকৈ ৰখা হৈছে । বিগত মাহত তেওঁ দিল্লীৰ তবলিগী জামাতৰ পৰা আহি আৰক্ষীৰ পৰা তথ্য লুকৱাৰ লগতে বিদেশী লোককেইজনক আশ্ৰয় দিছিল আৰু এই তথ্যও আৰক্ষীক জনোৱা নাছিল ।
লগতে পঢ়কঃ COVID-19 চিকিৎসাঃ ভাৰত বনাম অন্য ৰাষ্ট্ৰ