ETV Bharat / bharat

ইন্দিৰা গান্ধীলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ - প্ৰথম মহিলা প্ৰধানমন্ত্ৰী

আজি ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকী। ৩৬ সংখ্যক মৃত্যু বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নাতিনী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও শ্ৰদ্ধা নিবেদন কৰে। ১৯৮৪ চনৰ আজিৰ দিনটোতে আকবৰ ৰোডস্থিত তেওঁৰ চৰকাৰী বাসভৱনতে গুলীয়াই হত্যা কৰা হৈছিল ইন্দিৰা গান্ধীক ।

ইন্দিৰা গান্ধীলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ

author img

By

Published : Oct 31, 2020, 2:20 PM IST

Updated : Oct 31, 2020, 2:44 PM IST

নেশ্যনেল ডেস্ক, ৩১ অক্টোবৰ: প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৬ সংখ্যক মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লীস্থিত ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী গৰাকীক শ্ৰদ্ধা নিবেদন কৰে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে যোৱা দেওবাৰে অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰিত 'মন কী বাত' অনুষ্ঠানতো ইন্দিৰা গান্ধীক স্মৰণ কৰে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে, '৩১ অক্টোবৰত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধী আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। মই সন্মান সহকাৰে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো।'

ইন্দিৰা গান্ধীলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ

১৯৬৬ চনৰ জানুৱাৰীৰ পৰা ১৯৭৭ চনৰ মাৰ্চলৈকে আৰু ১৯৮০ চনৰ জানুৱাৰীৰ পৰা ১৯৮৪ চনৰ অক্টোবৰ মাহলৈকে তেওঁৰ মৃত্যুৰ সময়লৈকে একমাত্ৰ মহিলা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৮৪ চনৰ ৩১ অক্টোবৰত আকবৰ ৰোডস্থিত তেওঁৰ চৰকাৰী বাসভৱনত এগৰাকী দেহৰক্ষীয়ে তেওঁক গুলীয়াই হত্যা কৰা কৰে।

২১ বছৰ বয়সৰ পৰাই কংগ্ৰেছৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে তেওঁ ভাৰতৰ স্বাধীনতাৰ বাবে আন্দোলনত নামিছিল। ১৩ মাহ কাৰাবাসো খাটিবলগীয়া হৈছিল। আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক সমগ্ৰ দেশে স্মৰণ কৰাৰ লগতে ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নাতিনী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই।

লগতে পঢ়ক:গাডাগত এতিয়াও প্ৰচলিত প্ৰাচীন শস্য সংৰক্ষণ প্ৰণালী

Last Updated : Oct 31, 2020, 2:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.