নিউজ ডেস্ক, 4 মে': লক ডাউনৰ সময়ত বিভিন্ন স্থানত কাম কৰিবলৈ যোৱা শ্ৰমিক সকল আবদ্ধ হৈ পৰে । দীঘলীয়া লক ডাউনৰ ফলত বিস্তৰভাৱে অৰ্থনৈতিক সংকটৰ সন্মূখীন হয় বিশেষকৈ প্ৰৱজক শ্ৰমিক সকল ।
একংশ শ্ৰমিকে ভোকে পিয়াহে শতাধিক কিল'মিটাৰ বাট পদব্ৰজে অতিক্ৰম কৰি নিজ ঘৰলৈ উভতি যায় । বৰ্তমান চৰকাৰে শ্ৰমিক সকলক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে । এই ক্ষেত্ৰত পতিক্ৰিয়া প্ৰকাশ কৰি টুইট যোগে বিজেপি চৰকাৰে শ্ৰমিক সকলক ঘৰলৈ নিয়াৰ ক্ষেত্ৰত ব্যৱস্থা নোলোৱাৰ বাবে সমালোচনা কৰে জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা ভাদ্ৰাই ।
তেওঁ লিখে- "শ্ৰমিক সকল ৰাষ্ট্ৰৰ নিৰ্মাতা । কিন্তু আজি শংকাৰ মাজত তেওঁলোক জীয়াই থকাটো আত্মপীড়াৰ কাৰণ হৈ পৰিছে ।
আমি যেতিয়া বিদেশত আবদ্ধ থকা লোক সকলক বিমানেৰে আনিব পাৰো, যদি নমস্তে ট্ৰাম্পত 100 কোটি টকা খৰচ কৰিব পাৰো, যেতিয়া ৰেল'ৱে মন্ত্ৰীয়ে PMCARE পুঁজিত 151 কোটি টকা দিবলৈ পাৰো, এনেক্ষেত্ৰত শ্ৰমিকৰ ৰেল যাত্ৰা বিনামূলীয়া কৰি কিয় ঘৰলৈ আনিব নোৱাৰো ?
ভাৰতীয় জাতীয় কংগ্ৰেছে শ্ৰমিকৰ ঘৰলৈ উভতাৰ ক্ষেত্ৰত ৰেল যাত্ৰাৰ খৰচ বহন কৰিব ।
#CongressForIndia"