ETV Bharat / bharat

COVID-19: ব্যক্তিগত লেব সমূহে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিছে নমুনা - অৰবিন্দ কেজৰিৱাল

মহামাৰী কৰ'ণা সংকটৰ সময়ত ব্যক্তিগত লেব সমূহে কৰ'ণা আক্ৰান্ত ৰোগীসকলক সুৰক্ষিত কৰাৰ স্বাৰ্থত স্বাস্থ্য কৰ্মচাৰী সকলে ৰোগীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি দ্ৰুত গতিত মহামাৰী বৃদ্ধি পোৱা সময়তো ঘৰে ঘৰে গৈ নমুনা সংগ্ৰহ কৰিছে বুলি সদৰি কৰে ।

COVID-19
COVID-19: ব্যক্তিগত লেব সমূহে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিছে নমুনা
author img

By

Published : Jun 27, 2020, 10:01 AM IST

নিউজ ডেস্ক, ২৭ জুনঃ দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । যাৰ বাবে বেচকাৰী সংস্থা সমূহেও জনসাধৰণ সজাগ তথা কৰ'ণা আক্ৰান্ত ৰোগীসকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰে ঘৰে গৈ কৰ'ণা নমুনা সংগ্ৰহ পৰীক্ষা কৰিছে ।

দিল্লীত প্ৰতি ২৪ ঘণ্টাৰ অন্তত বৃদ্ধি পাইছে COVID-19 ত আক্ৰান্তৰ সংখ্যা । অৰবিন্দ কেজৰিৱাল নেতৃত্বধীন চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানীত COVID-19ৰ পৰীক্ষা বৃদ্ধি কৰাৰ বাবে নতুন পদ্ধতি গ্ৰহণ কৰাৰ উপৰিও ব্যক্তিগত লেব সমূহক আৰটি-পিচিআৰ পৰীক্ষাৰ বাবে নিয়োগ কৰিছে ।

আনহাতে,দিল্লীৰ জেনাৰষ্ট্ৰিংছ ডায়েগন'ষ্টিক চেন্টাৰৰ চেতন কোহলিৰ মন্তব্য অনুসৰি,লেব সমূহৰ ভিতৰত সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি সকলো নীতি-নিয়ম পালন কৰা হৈছে । আমাৰ পৰীক্ষা কেন্দ্ৰলৈ অহা ৰোগী সকলৰ বাবে বেলেগ বেলেগ প্ৰৱেশ পথ বনাইছো লগতে লেব টেকনিছিয়ানৰ নমুনা আৰু অন্য ৰোগী সংগ্ৰহ কৰা এয়ৰোছোল ট্ৰান্সমিছনৰ সকলো সামগ্ৰী ন্যূনতম কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছো । ইয়াৰ উপৰিও দিল্লী এনচিআৰত কোনো লোকে অনুৰোধ কৰা ২৪ ঘণ্টাৰ ভিতৰত ঘৰলৈ গৈ নমুনা সংগ্ৰহ কৰা ব্যৱস্থা কৰিছো । প্ৰতিদিনে প্ৰায় ৪,৫০০ নমুনা একত্ৰিত হয় ।

COVID-19
COVID-19: ব্যক্তিগত লেব সমূহে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিছে নমুনা

কৰ'ণাত আক্ৰান্ত ৰোগীসকলৰ লগত সংস্পৰ্শত অহা আমাৰ সকলো কৰ্মচাৰী সুৰক্ষা আৰু বায়'মেডিকল অপশিষ্ট প্ৰবন্ধনৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে । লগতে তেওঁলোকক সুৰক্ষা প্ৰদান কৰিবলৈ উন্নত মানৰ পিপিই কীট প্ৰদান কৰা হয়। তেওঁলোকৰ ওপৰত নজৰ ৰখাৰ উপৰিও সদায় পৰীক্ষা কৰা হয় ।

চলিত মাহৰ আৰম্ভণিত দিল্লী চৰকাৰে কিছু সংখ্যক ব্যক্তিগত লেবত ICMRৰ নিৰ্দেশ সমূহ পালন নকৰা বাবেই মহামাৰী COVID-19পৰীক্ষা কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে। পাচত তেওঁলোকে ICMRৰ নিৰ্দেশ পালন কৰাৰ পাচত ১০ জুনৰ পৰা পুনৰ কাম আৰম্ভ কৰিবলৈ দিয়ে ।

আনহাতে,দ্বাৰকাৰ পিআৰএল প্ৰগ্ৰোছিছ লেবোৰেটৰীজ ডাঃ দীপকে কয় যে,আমি প্ৰতিদিনে ২০০ নমুনা একত্ৰিত কৰি আছো। এতিয়ালৈকে সকলোকে পৰীক্ষা কৰা হোৱা নাই । আমাৰ নমুনা সংগ্ৰহ কৰা স্বাস্থ্য কৰ্মীয়ে সংগ্ৰহ কৰি আছে। আমি বিনা কোনো ধৰণৰ প্ৰিমিয়াম শুল্ক আৰু ৰোগীসকলৰ ওপৰত নিৰ্ধাৰণ কৰা ঘৰুৱা শুল্ক নোলোৱাকৈ মাত্ৰ ২,৪০০ টকাৰে কৰ'ণা টেষ্ট কৰি আহিছো । আমি সুখী অনুভৱ কৰিলো হয় যেতিয়া ঘৰুৱাভাৱে নমুনা সংগ্ৰহৰ সময়ত চৰকাৰে আমাক ৩০০-৫০০ টকা বৃদ্ধি কৰিবলৈ অনুমতি প্ৰদান কৰিছিলে । কিন্তু টকা সংগ্ৰহ কৰা এই সঠিক সময় নহয় । আমি সংকটৰ সময়ত দেশবাসীক সেৱা কৰিবলৈ সুবিধা পাইছো বাবেই আমি সুখী ।

চৰকাৰে আৰটি-পিচিআৰ পৰীক্ষাৰ দাম ৪৫০০ ৰ পৰা হ্ৰাস কৰি ২,৪০০ টকা কৰাৰ পাচত বহু ব্যক্তিগত লেবত আংশকাৰ সৃষ্টি হৈছিল । কিছু সংখ্যক ব্যক্তিগত লেবে কঠিন পৰিস্থিতি সন্মুখীন হোৱা বুলিও সদৰি কৰে । কিন্তু তাৰ পাচতো একাংশ ব্যক্তিগত লেবে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই কয় যে, সংকটৰ সময়ত এইদৰে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়া সময়ত সহায় কৰাটো আটাইতকৈ মহত্বপূৰ্ণ ।

লগতে চাওকঃ ডাঙৰী নৈৰ বাঢ়নী পানীত উটি গ'ল তিনিজন লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.